এডবেষ্টন টেষ্টত ইতিহাস সৃষ্টি কৰিলে ভাৰতে
এডবেষ্টন টেষ্টত ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰে ভাৰতে । ইয়াৰ লগে লগে টিম ইণ্ডিয়াই ১-১ ব্যৱধানত শৃংখলাত সমতা স্থাপন কৰিছে । বাৰ্মিংহামত অনুষ্ঠিত এই টেষ্টত টিম ইণ্ডিয়াই ইংলেণ্ডক জয়ৰ বাবে ৬০৮ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইংৰাজ দলটোৱে মাত্ৰ ২৭১ ৰানহে কৰিবলৈ সক্ষম হয় । ভাৰতৰ এই জয়ত অধিনায়ক শুভমন গীলৰ উপৰিও মহম্মদ চিৰাজ আৰু আকাশদ্বীপে অৱদান আগবঢ়াই ।
৫৮ বছৰৰ পাছত ঐতিহাসিক জয়-
টেষ্টত ভাৰতৰ বাবে দুঃস্বপ্ন হৈ আহিছে বাৰ্মিংহামৰ এডবেষ্টন খেলপথাৰ । ১৯৬৭ চনত ইয়াত টিম ইণ্ডিয়াই প্ৰথম টেষ্ট মেচ খেলিছিল যদিও এতিয়ালৈকে এডবেষ্টনত জয়ী হব পৰা নাছিল । আনকি কপিল দেৱ, বিৰাট কোহলী আৰু এম এছ ধোনীৰ দৰে কিংবদন্তিৰ অধিনায়কত্বৰ অধীনতো এই খেলপথাৰত ভাৰত জয়ী হোৱা নাছিল । এতিয়া অৱশেষত শুভমন গীলৰ অধিনায়কত্বত ৫৮ বছৰীয়া পৰাজয়ৰ ধাৰাবাহিকতা শেষ হয় ।
মেচৰ সাৰাংশ-
এডবেষ্টন টেষ্টত ইংলেণ্ডে টছত জয়লাভ কৰিছিল যদিও প্ৰথমে বলিং কৰিবলৈ বাছি লয় । ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰি অধিনায়ক শুভমন গীলৰ ২৬৯ ৰানৰ সহায়ত ৫৮৭ ৰান সংগ্ৰহ কৰে । প্ৰথম ইনিংছত টিম ইণ্ডিয়াৰ হৈ যশস্বী জয়ছোৱালে ৮৭ ৰান আৰু ৰবীন্দ্ৰ জাডেজাই ৮৯ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইংলেণ্ডৰ হেৰী ব্ৰুক ১৫৮ ৰান আৰু জেমী স্মিথে ১৮৪ ৰান সংগ্ৰহ কৰে যদিও তেওঁলোকৰ বাহিৰে আন কোনো বেটছমেনে ডাঙৰ ইনিংছ খেলাত ব্যৰ্থ হয় । ফলত ইংলেণ্ডৰ দলটো ৪০৭ ৰানতে অল আউট হয় । ভাৰতে প্ৰথম ইনিংছত ১৮০ ৰানৰ বিশাল অগ্ৰগতি লাভ কৰে ।
ভাৰতৰ দ্বিতীয় ইনিংছত বেটছমেনসকলে স্ক’ৰব’ৰ্ড দ্ৰুতগতিত আগুৱাই লৈ যায় । দ্বিতীয় ইনিংছত অধিনায়ক গীলে ১৬১ ৰান সংগ্ৰহ কৰি সমগ্ৰ মেচখনত তেওঁৰ মুঠ ৰান ৪৩০ ৰানলৈ বৃদ্ধি কৰে । গীল বিশ্বৰ মাত্ৰ পঞ্চমজন বেটছমেন হিচাপে পৰিগণিত হয় যিয়ে এখন টেষ্ট মেচত ৪০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে । দ্বিতীয় ইনিংছত কে এল ৰাহুল (৫৫), ঋষভ পন্ট (৬৫) আৰু ৰবীন্দ্ৰ জাডেজা (৬৯) তিনিওজন বেটছমেনে অৰ্ধ শতক অৰ্জন কৰে । ভাৰতে ৪২৭ ৰানত দ্বিতীয় ইনিংছ ঘোষণা কৰে ।
ইংলেণ্ডে চতুৰ্থ ইনিংছত ৬০৮ ৰানৰ লক্ষ্য লাভ কৰে । লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডৰ দলৰ আধা অংশই ৮৪ ৰানতে পেভিলিয়নমুখী হয় । পঞ্চম দিনা যেতিয়া ইংলেণ্ডৰ বেটছমেন খেলপথাৰলৈ আহিছিল, তেতিয়া প্ৰথম ঘণ্টাতেই স্পষ্ট হৈ পৰিছিল যে ইংৰাজ দলটোৱে ড্ৰ’ৰ উদ্দেশ্যেৰে বেটিং কৰি আছে । বেন ষ্ট’কছ আৰু জেমী স্মিথে দীৰ্ঘ সময় ধৰি ভাৰতক জয়ৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল । ষ্টকছ আউট হোৱাৰ পিছত ইংলেণ্ডে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই থাকে আৰু আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে ।
লগতে পঢ়ক : ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস; ৫২ বলত অৰ্জন কৰিলে বিস্ফোৰক শতক