হেনলি পাছপৰ্ট সূচকাংকত ভাৰতৰ দীঘল জাঁপ…
পাছপ’ৰ্ট ৰেটিংত ভাৰতীয় পাছপ’ৰ্টৰ বাবে এটা ভাল খবৰ । হেনলি পাছপৰ্ট সূচকাংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতীয় পাছপ’ৰ্টে ৭৭ নম্বৰ স্থান লাভ কৰিছে । উল্লেখযোগ্য যে বিগত ছমাহত ভাৰতে ৮ টা স্থান জঁপিয়াই সৰ্বাধিক উন্নতি হোৱা দেশসমূহৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে ।
ৰেংকিঙত উন্নতি হৈছে যদিও প্ৰকৃত পৰিৱৰ্তন হ’ল এতিয়া ভাৰতীয় নাগৰিকে ৫৯খন দেশত ভিছামুক্ত বা ভিছা অন এৰাইভেল সুবিধা লাভ কৰিছে । যোৱা বছৰ এই সংখ্যা আছিল ৫৭, অৰ্থাৎ ২খন দেশ বৃদ্ধি হৈছে । ইয়াৰ সুবিধাটো হ’ল এতিয়া ভাৰতৰ জনসাধাৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ অলপ সহজ হৈ পৰিব ।
আটাইতকৈ শক্তিশালী পাছপ’ৰ্ট ছিংগাপুৰৰ-
বৰ্তমান ছিংগাপুৰৰ বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপ’ৰ্টৰ খিতাপ আছে, যাৰ নাগৰিকে ভিছা অবিহনে ১৯৩খন দেশলৈ যাব পাৰে । ইয়াৰ পিছত জাপান আৰু দক্ষিণ কোৰিয়া, যাৰ পাছপ’ৰ্টত ১৯০খন দেশত প্ৰৱেশৰ অনুমতি দিয়া হয় ।
আনহাতে, আমেৰিকা আৰু ব্ৰিটেইনৰ স্থান ক্ৰমাগতভাৱে হ্ৰাস পাইছে, ব্ৰিটেইনে ষষ্ঠ স্থানত উপনীত হৈছে, য’ত ইয়াৰ নাগৰিকে ১৮৬খন দেশলৈ যাত্ৰা কৰিব পাৰে আৰু আমেৰিকা এতিয়া শেষত অৰ্থাৎ শীৰ্ষ ১০ খনৰ তালিকাত দশম স্থানত আছে, য’ত মাত্ৰ ১৮২খন দেশতে ভিছা ফ্ৰী বা আহি পোৱাৰ সময়ত ভিছাৰ সুবিধা আছে ।
আমেৰিকা আৰু ব্ৰিটেইনৰ দৰে পুৰণি শক্তিশালী দেশসমূহ এৰি ছৌদি আৰব, ইউ এ ই, চীন আৰু ভাৰতৰ দৰে এছিয়াৰ দেশসমূহে অহৰহ আগবাঢ়িছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।
এয়া কেৱল পাছপ’ৰ্ট ৰেংকিঙৰ কথা নহয়, বিশ্বত ভাৰতৰ ক্ৰমবৰ্ধমান পৰিচয় আৰু কূটনৈতিক শক্তিকো প্ৰতিফলিত কৰে । অনাগত বছৰবোৰত ভাৰতৰ পাছপ’ৰ্টৰ স্থিতি আৰু অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে, কিয়নো ভাৰতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক অহৰহ শক্তিশালী কৰি আছে ।
লগতে পঢ়ক : ৬২ বছৰৰ সেৱাৰ অন্তত ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ ল’ব মিগ-২১ এ