ভাৰতীয় দল ঘোষণা
অপেক্ষাৰ অন্ত । ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে । এই শৃংখলাৰ বাবে ভাৰতীয় দলৰ ১৮ জনীয়া তালিকা ঘোষণা কৰা হৈছে ।
ইংলেণ্ডৰ বিৰুদ্ধে অহা ২০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাছনি সমিতিয়ে ঘোষণা কৰিছে টিম ইণ্ডিয়াক।
শনিবাৰে মুম্বাইত অনুষ্ঠিত সংবাদমেলৰ সময়ত মুখ্য নিৰ্বাচক অজিত আগৰকাৰে টেষ্ট ছিৰিজৰ বাবে কোন কোন খেলুৱৈক নিৰ্বাচিত কৰা হৈছে সেই বিষয়ে অৱগত কৰে।
ৰোহিত শৰ্মাৰ পিছত শুভমান গীলক ভাৰতৰ নতুন টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু নিৰ্বাচকসকলে শুভমান গীলৰ ওপৰত আস্থা প্ৰকাশ কৰিছে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাছনি সমিতিয়ে শুভমান গীলক টেষ্টৰ অধিনায়ক হিচাপে লৈ পৰীক্ষা কৰিব বিচাৰিছে।
আনহাতে ভাৰতীয় দলৰ উপ অধিনায়কৰ দায়িত্ব দিয়া হৈছে ঋষভ পন্টক। এতিয়া ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ লিটমাছ টেষ্টত শুভমন গীল উত্তীৰ্ণ হয় নে নহয় সেয়া চাবলৈ উল্লেখনীয় হ’ব।
টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়াত কোন কোন
শুভমন গীল, ঋষভ পন্ত, যশস্বী জয়ছৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, অভিমন্যু ইশ্বৰন, কৰুণ নাইৰ, নীতিশ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, শাৰদুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, আকাশদ্বীপ, আৰ্ষদ্বীপ সিং, কুলদীপ যাদৱ
ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫খন মেচৰ হাই প্ৰফাইল টেষ্ট শৃংখলা ২০ জুনৰ পৰা আৰম্ভ হ’ব। দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলা ২০ জুনৰ পৰা ৪ আগষ্ট লৈকে হ’ব।
লগতে পঢ়ক:ডনাল্ড ট্ৰাম্পৰ শুল্ক ধমকি; ভাৰতত বৃদ্ধি হ’ব নেকি IPhone ৰ দাম