টীম ইণ্ডিয়াত মোক্ষম আঘাত
ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৫খন খেলৰ ৰোমাঞ্চকৰ টেষ্ট শৃংখলাৰ চতুৰ্থখন মেচ অহা ২৩ জুলাইৰ পৰা মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড খেলপথাৰত অনুষ্ঠিত হ’ব।
কিন্তু ইয়াৰ আগতে টীম ইণ্ডিয়াই এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। ভাৰতীয় দলৰ দুই গুৰুত্বপূৰ্ণ খেলুৱৈ আঘাতৰ বাবেবাহিৰ হৈছে, যাৰ বাবে প্লেয়িং ১১ৰ কৌশলতো প্ৰভাৱ পৰিব পাৰে।
ভাৰতীয় অল ৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী আঘাতৰ বাবে বাকী দুখন টেষ্ট মেচৰ পৰা বাহিৰ হৈছে। ভাৰতীয় দলটোৰ বাবে তেওঁ আছিল এক উদীয়মান অল-ৰাউণ্ড বিকল্প, যিয়ে বেট আৰু বল দুয়োটাৰে অৰিহণা যোগাবলৈ সক্ষম হয়।
ৰেড্ডীৰ আঘাতে টিম ইণ্ডিয়াৰ কৌশলত প্ৰভাৱ পেলাইছে, বিশেষকৈ লোয়াৰ অৰ্ডাৰত বেটিং আৰু মিডল অভাৰত বলিঙৰ ক্ষেত্ৰত।
দ্ৰুত বলাৰ আৰ্শদীপ সিঙেও আঘাতৰ বাবে মানচেষ্টাৰ টেষ্টত খেলিব নোৱাৰিব। এই শৃংখলাত তেওঁ এতিয়ালৈকে কোনো মেচ খেলাৰ সুযোগ পোৱা নাই যদিও চতুৰ্থ টেষ্টত সুযোগ পোৱাৰ সম্ভাৱনা আছিল।
এতিয়া তেওঁৰ অনুপস্থিতিয়ে টিম ইণ্ডিয়াৰ বাবে এক বৃহৎ সংকটৰ সৃষ্টি কৰিছে। এতিয়া চতুৰ্থ টেষ্টত ভাৰতে কেৱল ইংলেণ্ডৰ সৈতে শৃংখলাত সন্মুখিন হোৱাৰ প্ৰত্যাহ্বানেই নহয়, বৰঞ্চ শক্তিশালী দল এটাক লৈ ফিল্ডিং কৰাটোও এক কঠিন পৰীক্ষা হৈ পৰিছে।
BCCI এ নীতিশ কুমাৰ ৰেড্ডী আৰু আৰ্শদীপ সিঙক বাদ দিয়াৰ সন্দৰ্ভত বিবৃতি জাৰি কৰি কয়, অল ৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে বাওঁ আঁঠুত আঘাত পাইছে। এই কাৰণেই তেওঁ বাকী দুখন টেষ্ট মেচৰ পৰা আঁতৰি থাকিব।
তেওঁ শীঘ্ৰে ভাৰতলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। ইফালে বেকেনহামত অনুশীলনৰ সময়ত নেট বলিং কৰি থকা অৱস্থাত বাওঁভৰিৰ বুঢ়া আঙুলিত আঘাত পাই আৰ্শদীপ সিঙে। বৰ্তমান বিচিচিআইৰ চিকিৎসা দলে তেওঁৰ ফিটনেছ নিৰীক্ষণ কৰি আছে।
লগতে পঢ়ক: টীম ইণ্ডিয়াৰ পুনৰ বাঢ়িছে চিন্তা; আঘাতপ্ৰাপ্ত বেগী বলাৰ আকাশ দীপ