WTC পইন্ট টেবুল
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ জয় আৰু বাংলাদেশৰ বিৰুদ্ধে শ্ৰীলংকাই জয়লাভ কৰাৰ পিছত ২০২৫-২৭ৰ WTC পইন্ট টেবুলত এক বৃহৎ পৰিৱৰ্তন ঘটিছে । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ এই চক্ৰৰ আৰম্ভণি মাথোঁ হৈছেহে যদিও ফাইনেলত প্ৰৱেশৰ বাবে যুঁজ চলি আছে । শনিবাৰে ৱেষ্ট ইণ্ডিজক ১৫৯ ৰানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ১২ পইণ্ট লাভ কৰাৰ বিপৰীতে শ্ৰীলংকাই বাংলাদেশক এক ইনিংছ আৰু ৭৮ ৰানত পৰাস্ত কৰি ১২ পইণ্ট লাভ কৰে ।
এই চক্ৰৰ এইখন আছিল অষ্ট্ৰেলিয়াৰ প্ৰথমখন মেচ । এই জয়ৰ বাবে দলটোৱে ১২ পইণ্ট আৰু ১০০ পইণ্ট শতাংশ লাভ কৰে । দলটো WTC পইন্ট টেবুলত শীৰ্ষত উপনীত হৈছে । একে সময়তে ইংলেণ্ডৰ দলটোৱে ১০০ পইণ্ট শতাংশ আৰু ১২ পইণ্টেৰে দ্বিতীয় স্থানত আছে । এই সপ্তাহতে ইংলেণ্ডে ভাৰতক ৫ উইকেটত পৰাস্ত কৰে ।
তালিকাত বাংলাদেশৰো তলত ভাৰত-
আনহাতে দ্বিতীয় টেষ্টত শ্ৰীলংকাই বাংলাদেশক পৰাস্ত কৰে । দুয়ো দলৰ মাজত প্ৰথমখন টেষ্ট ড্ৰ’ হৈছিল । ড্ৰ’ৰ বাবে দুয়োটা দলে চাৰিটাকৈ পইণ্ট লাভ কৰে । এনে পৰিস্থিতিত জয়ৰ পিছত ১২ পইণ্ট লাভ কৰাৰ পিছত শ্ৰীলংকাৰ মুঠ পইণ্ট ১৬ হোৱাৰ বিপৰীতে পইণ্টৰ শতাংশ ৬৬.৬৭ । বাংলাদেশৰ ৪ পইণ্ট আৰু ১৬.৬৭ পইণ্ট শতাংশ । WTC পইন্ট টেবুলৰ চতুৰ্থ স্থানত আছে দলটো । আনহাতে ভাৰতে এই চক্ৰত এখন টেষ্ট খেলি পৰাস্ত হৈছে । গতিকে ভাৰতৰ কোনো পইণ্ট বা পইণ্ট শতাংশ নাই । বৰ্তমান ভাৰতীয় দলটো WTC পইন্ট টেবুলৰ পঞ্চম স্থানত আছে । ৱেষ্ট ইণ্ডিজো এখন টেষ্ট খেলি পৰাস্ত হৈছে। কোনো পইণ্ট আৰু পইণ্ট শতাংশ নোহোৱাকৈ ষষ্ঠ স্থানত আছে দলটো ।
পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ মাজত সংঘৰ্ষ-
নিউজীলেণ্ড, পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাই এই চক্ৰত এতিয়াও নিজ নিজ অভিযান আৰম্ভ কৰা নাই । পাকিস্তান আৰু বিশ্ব টেষ্ট চেম্পিয়ন দক্ষিণ আফ্ৰিকাই অক্টোবৰত দুখনীয়া মেচৰ টেষ্ট শৃংখলাৰ জৰিয়তে ২০২৫-২৭ বৰ্ষৰ ডব্লিউ টি চি চক্ৰ আৰম্ভ কৰিব । একে সময়তে নিউজীলেণ্ডৰ দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ টেষ্ট শৃংখলাৰ জৰিয়তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ চক্ৰ আৰম্ভ কৰিব । এই শৃংখলা নৱেম্বৰ-ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব ।
কোনটো দলে বেছিকৈ টেষ্ট খেলিব ?
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ চক্ৰত সৰ্বাধিক ২২খন টেষ্ট মেচ খেলিব অষ্ট্ৰেলিয়াই । একে সময়তে ইংলেণ্ড দলে ২১খন টেষ্ট খেলিব । ইয়াৰ পাছতে ১৮খন মেচেৰে তৃতীয় স্থানত আছে ভাৰত । নিউজীলেণ্ডে ১৬খন আৰু দক্ষিণ আফ্ৰিকা-ৱেষ্ট ইণ্ডিজে ১৪-১৪ খনকৈ টেষ্ট খেলিব লাগিব । পাকিস্তান দলে ১৩খন আৰু শ্ৰীলংকা-বাংলাদেশে ১২-১২ টেষ্ট খেলিব লাগিব । ২০২৫-২৭ চক্ৰত প্ৰতিদ্বন্দ্বিতা কৰা ৯খন দেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া ২৭খন টেষ্ট শৃংখলাৰ ভিতৰত ১৭টা শৃংখলাত মাত্ৰ দুখন মেচহে অনুষ্ঠিত হ’ব, আনহাতে তিনিখন মেচৰ ৬টা ছিৰিজ অনুষ্ঠিত হ’ব ।
ইংলেণ্ডৰ পিছত কাৰ মুখামুখি হ’ব ভাৰত ?
২০ জুনৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলা আৰম্ভ হৈছে । এই শৃংখলাৰ অন্তিমখন খেল ৩১ জুলাইৰ পৰা অনুষ্ঠিত হ’ব । ইয়াৰ পিছত ঘৰুৱা ক্ষেত্ৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখনীয়া মেচৰ শৃংখলা খেলিব টিম ইণ্ডিয়াই । ২ অক্টোবৰৰ পৰা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্ৰথমখন টেষ্ট আৰু ১০ অক্টোবৰৰ পৰা দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব । তাৰ পিছত ভাৰতীয় দলে ঘৰুৱা ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব । ইয়াৰ প্ৰথমখন মেচ ১৪ নৱেম্বৰৰ পৰা আৰু দ্বিতীয়খন মেচ ২২ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক : গল্ডেন বয় নীৰজ চোপ্ৰাৰ আন এক অভিলেখ; অষ্ট্ৰাভা গোল্ডেন স্পাইকত স্বৰ্ণ পদক অৰ্জন