চীন আৰু ইংলেণ্ডৰ পিছতে মাৰাত্মক ভাইৰেছক লৈ চিন্তিত দেশৰ স্বাস্থ্য বিভাগ।চীনত দ্ৰুতগতিত বাঢ়িছে মৰাত্মক HMPV ভাইৰাছ সংক্ৰমণ।ক’ভিডৰ দৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে HMPV ভাইৰাছে।
চীনৰ পিছত ভাৰততো ২৪ঘন্টাত HMPVত আক্ৰান্ত ৰোগীৰ সংখ্যা তিনিজনলৈ বৃদ্ধি হৈছে।চীন আৰু ইংলেণ্ডত জাৰি কৰা হৈছে HMPV ভাইৰাছক লৈ হাই এলাৰ্ট।
ক’ভিডকালীন পৰিৱেশ পুনৰ উভতি অহাৰ আশংকা কৰিছে বিশ্ববাসীয়ে।ভাৰতৰ ৮ মহীয়া এটি শিশুৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ। বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে আক্ৰান্ত দুয়োটা শিশু।
আনহাতে কৰ্নাটকৰ পিছত আহমেদাবাদৰ এটি ২ মহীয়া শিশুৰ দেহটো ধৰা পৰিছে HMPV ভাইৰাছ।এই তথ্যৰ পিছতেই চিন্তিত হৈ পৰিছে দেশৰ স্বাস্থ্য বিভাগ ।
আক্ৰান্ত এটিও শিশু ৰোগীৰ ক্ষেত্ৰত পোহৰলৈ অহা নাই ভ্ৰমণ ইতিহাস। তাৰ পিছতেই স্বাস্থ্য বিভাগে জাৰি কৰিছে সতৰ্কবাণী।
HMPV ভাইৰাছত শিশু আৰু বয়োজ্যেষ্ঠ লোকৰ আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে। শিশু আৰু বয়োজ্যেষ্ঠসকলে অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব।
এই ভাইৰাছৰ সংক্ৰমণ হ’লে কিদৰে ৰক্ষা পাব তাক লৈ স্বাস্থ্য বিভাগে নিৰ্দেশনা জাৰী কৰিছে ।HMPV ভাইৰাছৰ লক্ষণ ক’ৰ’নাৰ দৰে।জ্বৰ, চৰ্দি ,কাহ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যা দেখা দিয়ে ৰোগীৰ দেহত ।
আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিলে এই ৰোগৰ বীজাণু বিয়পে।এইচ এম পি ভি ভাইৰাছৰ পৰা হাত সাৰিবলৈ মানি চলক চিকিৎসকৰ পৰামৰ্শ।চাবোনেৰে সঘনাই হাত ধোৱা ,চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ চিকিৎসক।
ৰাজহুৱা স্থানত ব্যৱহাৰ কৰক মাস্ক ,শাৰীৰিক অসুস্থতাৰ অনুভৱ কৰিলে নিজকে পৃথকে ৰাখক , আনে পৰিধান কৰা কাপোৰ ব্যৱহাৰ নকৰিব , লেতেৰা হাতেৰে নাক , কাণ , চকু আদি স্পৰ্শ ৰকৰাৰ পৰা বিৰত থকাৰো পৰামৰ্শ ,প্ৰয়োজন হ’লে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।