প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহে দহিছে দেশ
প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহে দহিছে দেশ । উত্তৰ ভাৰতত প্ৰচণ্ড গৰমে ব্যাহত কৰিছে স্বাভাৱিক জীৱন যাত্ৰা । মঙলবাৰেও ৰাজধানী দিল্লীৰ লগতে বিভিন্ন অঞ্চলত তীব্ৰ গৰম অব্যাহত আছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, দেওবাৰৰ পৰা তাপমাত্ৰা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে আৰু আগন্তুক তিনিদিনলৈও একেধৰণৰ পৰিস্থিতি অটুট থকাৰ সম্ভাৱনা আছে ।
মঙলবাৰে দিল্লীৰ বিভিন্ন অঞ্চলত সৰ্বোচ্চ উষ্ণতাৰ কথা ক’বলৈ গ’লে ছফদাৰজংত ৪৩.৮ ডিগ্ৰী চেলছিয়াছ, পালামত ৪৪.৬ ডিগ্ৰী চেলছিয়াছ, লোধি পথত ৪৩.৬ ডিগ্ৰী চেলছিয়াছ, ৰিজ অঞ্চলত ৪৫.০ ডিগ্ৰী চেলছিয়াছ আৰু অয়ানগৰত ৪৫.৫ ডিগ্ৰী চেলছিয়াছ ।
আই এম ডিৰ মতে, দিল্লীত দিনত তাপমাত্ৰা অসহ্যকৰ হোৱাই নহয়, ৰাতিও তাপমাত্ৰা স্বাভাৱিকৰ ওপৰত থাকে ।
গ্ৰীষ্মপ্ৰৱাহে দহিছে দেশ-
দিল্লীৰ লগতে উত্তৰ ভাৰতৰ অন্যান্য ৰাজ্যতো অব্যাহত আছে গ্ৰীষ্মপ্ৰৱাহ । পঞ্জাৱৰ ভাটিন্দাত তাপমাত্ৰা ৪৭.৬ ডিগ্ৰী চেলছিয়াছ, যিটোক আই এম ডিয়ে ভয়াৱহ গৰমৰ পৰিস্থিতি হিচাপে ঘোষণা কৰিছে । পশ্চিম ৰাজস্থানৰ শ্ৰীগংগানগৰত ৪৭.৪ ডিগ্ৰী চেলছিয়াছ আৰু পূব ৰাজস্থানৰ কোটাত তাপমাত্ৰা ৪৬.৩ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে । হাৰিয়ানাৰ ছিৰছাতো উষ্ণতা ৪৬.২ ডিগ্ৰী চেলছিয়াছত ৰেকৰ্ড কৰা হৈছে ।
বহু ৰাজ্যৰ বাবে তীব্ৰ গৰমৰ সতৰ্কবাণী জাৰি কৰিছে আই এম ডিয়ে । তীব্ৰ গৰমৰ বাবে ৰাজস্থানত জাৰি কৰা হৈছে ৰেড এলাৰ্ট । আই এম ডিৰ তথ্য অনুসৰি উত্তৰ ভাৰতত অহা তিনিদিনলৈ এই গ্ৰীষ্মপ্ৰৱাহ অব্যাহত থাকিব । অৱশ্যে কিছু অঞ্চলত লঘু বৰষুণ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত তাপমাত্ৰা কিছু হ্ৰাস পাব পাৰে । কিন্তু বতৰ বিজ্ঞান বিভাগে স্পষ্ট কৰি দিছে যে এতিয়াও বৃহৎ পৰিসৰৰ সকাহৰ আশা কৰা হোৱা নাই ( গ্ৰীষ্মপ্ৰৱাহে দহিছে দেশ) ।
পঞ্জাৱ আৰু হাৰিয়ানাত অহা তিনিদিনৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে । একে সময়তে জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশতো তিনিদিনীয়া সতৰ্কবাণী জাৰি কৰা হৈছে । আই এম ডিয়ে সকীয়াই দিছে যে এই অঞ্চলসমূহত দিন আৰু ৰাতি দুয়োটা সময়তে উষ্ণতা অধিক হৈ থাকিব, যাৰ বাবে মানুহে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব ।
ইফালে তীব্ৰ গৰমৰ বাবে মানুহ ঘৰৰ ভিতৰতে থাকিবলৈ বাধ্য হৈছে । দিনৰ ভাগত বজাৰত ভিৰ কমি আহিছে, গৰমৰ পৰা হাত সাৰিবলৈ মানুহে শীতল পানীয় আৰু এয়াৰ কণ্ডিচনাৰৰ আশ্ৰয় লৈছে । দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । লগতে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা আৰু পাতল ৰঙৰ কাপোৰ পৰিধান কৰিব লাগে বুলি বিশেষজ্ঞসকলে পৰামৰ্শ দিছে । গৰমৰ পৰা নিজকে ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণীৰ প্ৰতি গুৰুত্ব দিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে ।
উল্লেখ্য যে, ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো বিগত কেইবাটাও দিন প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহৰ কবল পৰিছে । অসহনীয় গৰমে ৰাজ্যত বিপৰ্যস্ত কৰি তুলিছে জীৱনযাত্ৰা । মঙলবাৰৰ দিনটোত গুৱাহাটী ৩৪ ডিগ্ৰী চেলছিয়াছ, নগাঁৱত ৩৪ ডিগ্ৰী চেলছিয়াছ, হোজাইত ৩৪ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ৩৫ ডিগ্ৰী চেলছিয়াছ, ডিব্ৰুগড়ত ৩৬ ডিগ্ৰী চেলছিয়াছ আৰু শিলচৰত ৩১ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে । ইফালে প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যত বিদ্যালয়সমূহৰ পাঠদানৰ সময় সালসলনি কৰা হৈছে ।
লগতে পঢ়ক : আকাশে বৰষিছে জুই… উৎকট গৰমৰ বাবে সলনি হ’ল বিদ্যালয়ৰ সময়সূচী