হিটৱেভৰ কবলত ইউৰোপ
বৰ্তমান হিটৱেভৰ সৈতে যুঁজি আছে ইউৰোপে । জুন মাহত এতিয়ালৈকে সৰ্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে স্পেইনৰ বাৰ্চিলোনাত । সাধাৰণতে বাৰ্চিলোনা অতি উত্তাপৰ পৰা সুৰক্ষিত হৈ থাকে । অৱশ্যে এইবাৰ অভিলেখ ভংগকাৰী উত্তাপে আঘাত হানিছে বাৰ্চিলোনা । ইউৰোপৰ বহু দেশত অত্যন্ত গৰমৰ বাবে বিদ্যালয় বন্ধ কৰি দিয়া হৈছে আৰু মানুহক সতৰ্ক হ’বলৈ কোৱা হৈছে ।
স্পেইনৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সেৱাৰ তথ্য অনুসৰি ২০২৫ চনৰ জুন মাহত বাৰ্চিলোনাত এতিয়ালৈকে আটাইতকৈ উষ্ণ মাহ হিচাপে প্ৰমাণিত হৈছে । এইবাৰ কেন ফেব্ৰা মানৱ নিৰীক্ষণ কেন্দ্ৰত ৰেকৰ্ড কৰা গড় তাপমাত্ৰা ২৬ ডিগ্ৰী চেলছিয়াছ, যিটো বিগত ১০০ বছৰৰ ভিতৰত সৰ্বাধিক । ইয়াৰ পূৰ্বে ২০০৩ চনৰ জুন মাহত গড় তাপমাত্ৰা ২৫.৬ ডিগ্ৰী চেলছিয়াছ আছিল । ৩০ জুনত বাৰ্চিলোনাৰ এদিনৰ তাপমাত্ৰা ৩৭.৯ ডিগ্ৰী চেলছিয়াছত উপনীত হৈছিল ।
ফ্ৰান্স আৰু ইউৰোপত বৃদ্ধি গৰম-
প্ৰচণ্ড গৰমৰ প্ৰভাৱ ফ্ৰান্সকে ধৰি সমগ্ৰ ইউৰোপতে দেখা গৈছে । ফ্ৰান্সৰ বতৰ বিজ্ঞান বিভাগে পেৰিছকে ধৰি বহু অঞ্চলত ৰেড এলাৰ্ট জাৰি কৰিছে । পেৰিছৰ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে । প্ৰচণ্ড গৰমৰ বাবে ফ্ৰান্সৰ ১৩০০ৰো অধিক বিদ্যালয় আংশিকভাৱে বা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । গৰমৰ বাবে আইফেল টাৱাৰৰ ওপৰৰ অংশও বৃহস্পতিবাৰলৈকে বন্ধ কৰি দিয়া হৈছে ।
ইটালী-বেলজিয়ামো হিটৱেভৰ কবলত-
ইটালীৰ ২৭খন বৃহৎ চহৰৰ ভিতৰত ১৭খন চহৰ এই সময়ত হিটৱেভৰ সন্মুখীন হৈছে । বেলজিয়াম আৰু নেদাৰলেণ্ডৰ তাপমাত্ৰাও স্বাভাৱিকতকৈ বহু বেছি । পৰ্তুগালত কিছু অঞ্চলত তাপমাত্ৰা কিছু হ্ৰাস পাইছে যদিও ভিতৰৰ অংশত এতিয়াও ৪৩ ডিগ্ৰী পৰ্যন্ত তাপ ৰেকৰ্ড কৰা হৈছে ।
বনজুইৰ আশংকা বৃদ্ধি-
ফ্ৰান্সৰ বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে যে জুন মাহত অবিৰত গৰম আৰু বৰষুণৰ অভাৱৰ বাবে মাটি সম্পূৰ্ণ শুকান হৈ পৰাৰ ফলত বনজুইৰ আশংকা বৃদ্ধি পাইছে । বিজ্ঞানীসকলে কয় যে যদি এই পৰিস্থিতি অটুট থাকে তেন্তে ২১০০ চনৰ ভিতৰত ফ্ৰান্সে প্ৰতি বছৰে ৪০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক উষ্ণতাৰ সন্মুখীন হ’ব আৰু প্ৰতি বছৰে তীব্ৰ গৰমৰ ঢৌ দেখা যাব ।
পৰ্তুগালতো ভংগ হ’ল হিট ৰেকৰ্ড-
পৰ্তুগালৰ ৰাজধানী লিছবনৰ তাপমাত্ৰা ৩৩ ডিগ্ৰী চেলছিয়াছত উপনীত হয়, যিটো এই সময়ৰ বাবে স্বাভাৱিক বুলি বিবেচিত হৈছে । কিন্তু কিছুমান অভ্যন্তৰীণ অঞ্চলত ৪৩ ডিগ্ৰী পৰ্যন্ত উষ্ণতা ৰেকৰ্ড কৰা হৈছে । ২৯ জুনত পৰ্তুগালৰ দুটা অঞ্চলতো জুন মাহৰ উষ্ণতাৰ অভিলেখ ভংগ হৈছিল ।
লগতে পঢ়ক : সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ QUAD দেশ; পহলগাম আক্ৰমণক গৰিহণা দি প্ৰকাশ যৌথ বিবৃতি