এতিয়া সমগ্ৰ দেশত ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইমত চলিব সকলো ঘড়ী
এতিয়াৰে পৰা সকলো আইনী, ব্যৱসায়িক, ডিজিটেল আৰু প্ৰশাসনিক কামত ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম (IST)ৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে । এই তথ্য বুধবাৰে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰদান কৰে ।
তেওঁ কয় যে ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম গ্ৰহণৰ এই পদক্ষেপে ডিজিটেল লেনদেন অধিক সুৰক্ষিত কৰি তুলিব, বিদ্যুৎ আৰু পানীৰ দৰে সেৱাত বিলিং সঠিক হ’ব, চাইবাৰ অপৰাধৰ আশংকা হ্ৰাস পাব আৰু যাতায়ত আৰু যোগাযোগৰ ক্ষেত্ৰত সময়ৰ একৰূপতা বজাই ৰখা হ’ব । বৰ্তমান বহুতো ব্যৱস্থা বিদেশী সময়ৰ উৎসৰ ওপৰত নিৰ্ভৰশীল । আই এছ টি বাধ্যতামূলক কৰিবলৈ চৰকাৰে অতি সোনকালে ‘আইনী মাপবিজ্ঞান (ভাৰতীয় মানক সময়) নিয়ম, ২০২৫’ অধিসূচিত কৰিব । এই নিয়মৰ খচৰা ২০২৫ চনৰ জানুৱাৰী মাহত জনসাধাৰণ আৰু অংশীদাৰসকলৰ মতামতৰ বাবে প্ৰকাশ কৰা হৈছিল ।
যোশীয়ে কয়, আমি এই নিয়মবোৰ অতি সোনকালে অধিসূচিত কৰিবলৈ ওলাইছো । এতিয়া আমি ‘এখন দেশ, এটা সময়’ৰ দিশত আগবাঢ়িছো । তেওঁ কয় যে আজিৰ তথ্যভিত্তিক যুগত যদি ঘড়ী একে নহয়, তেন্তে ডিজিটেল খেলিমেলি, তদন্তত সমস্যা আৰু নেটৱৰ্কৰ দুৰ্বলতাৰ সৃষ্টি হয় । আজি বহুতো ব্যৱস্থা জি পি এছৰ দৰে বিদেশী সময়ৰ উৎসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, যাৰ বাবে চাইবাৰ আক্ৰমণ, মিল নোহোৱা আৰু সঠিক সময় চিনাক্ত কৰিব নোৱাৰাৰ আশংকা আছে ।
এই যোজনাই আই এছ টিৰ আনুষ্ঠানিক আৰু আইনী ৰূপায়ণৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া ব্যৱধান পূৰণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে কয় । তেওঁ কয় যে এই সন্মিলনত টেলিকম, বেংকিং, ৰে’লৱেকে ধৰি ১০০ৰো অধিক খণ্ডৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । চৰকাৰী বিবৃতিত কোৱা হৈছে যে এই পদক্ষেপে ডিজিটেল সুৰক্ষা, সঠিক বিলিং, চাইবাৰ ভাবুকি হ্ৰাস আৰু সেৱাত স্বচ্ছতা নিশ্চিত কৰিব ।
লগতে পঢ়ক : Fastag সন্দৰ্ভত গাডকাৰীৰ ডাঙৰ ঘোষণা ! ৩ হাজাৰ টকাত লাভ কৰিব বাৰ্ষিক পাছ