নিষেধাজ্ঞা আঁতৰিল Free Fireৰ
ভাৰতলৈ পুনৰ উভতি আহিছে Free Fire বেটল ৰয়েল।এই গেমটো পুনৰ গুগল প্লে ষ্ট’ৰত উপলব্ধ কৰা হৈছে।২০২২ চনত ভাৰত চৰকাৰে নিৰাপত্তাজনিত কাৰণত গেৰেনাৰ এই জনপ্ৰিয় বেটল ৰয়েল গেম নিষিদ্ধ কৰিছিল।
ভাৰতত যেতিয়া এই গেমটো নিষিদ্ধ হৈছিল, সেই সময়ত ইয়াৰ কোটি কোটি সক্ৰিয় ব্যৱহাৰকাৰী আছিল।অৱশ্যে এই গেমটোৰ মেক্স সংস্কৰণ ভাৰতত খেলিবলৈ উপলব্ধ আছিল। পিছলৈ Free Fire ৰ গেমাৰসকলে ইয়াৰ মেক্স সংস্কৰণ খেলি থাকিল।
৩.৫ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্ত
দীৰ্ঘদিন ধৰি ভাৰতত ফ্ৰী ফায়াৰ গেম পুনৰ আৰম্ভ কৰাৰ প্ৰস্তুতি চলি আছিল।এই গেমটো ২০২৩ চনৰ আগষ্ট মাহত ফ্ৰী ফায়াৰ ইণ্ডিয়া নামেৰে মুকলি কৰা হ’ব বুলি খবৰ ওলাইছিল।
কোম্পানীয়ে এই গেমটো মুকলি কৰাটোও নিশ্চিত কৰিছে, কিন্তু মাত্ৰ কেইদিনমানৰ পিছতে এই গেমটোৰ আৰম্ভণি পিছুৱাই দিয়া হ’ল।ইয়াৰ পিছত গেমাৰসকলে এই গেমৰ উভতি অহাৰ আশা হেৰুৱাই পেলোৱা যেন লাগিল।
যোৱা বছৰৰ শেষৰ ফালে এই গেমটোৰ মুকলিৰ খবৰ আকৌ এবাৰ ওলাইছিল।নতুন বছৰ উপলক্ষে ইয়াক মুকলি কৰা হ’ব বুলি কোৱা হৈছিল যদিও পুনৰ গেমটো মুকলি কৰিব পৰা নগ’ল।
প্ৰায় ৩.৫ বছৰৰ নিষেধাজ্ঞাৰ অন্তত ছিংগাপুৰৰ এটা গেমিং কোম্পানীয়ে পুনৰবাৰ এই গেমটো মুকলি কৰাৰ কথা ঘোষণা কৰিছে।
বিজিএমআইৰ দৰেই ভাৰততো ফ্ৰী ফায়াৰ ইণ্ডিয়া নতুন নামেৰে মুকলি কৰা হ’ব।এই গেমটো গুগল প্লে ষ্ট’ৰত তালিকাভুক্ত কৰা হৈছে। ইয়াৰ বাবে প্ৰি-ৰেজিষ্ট্ৰেচন আৰম্ভ হৈছে।
লগতে পঢ়ক: পাকিস্তানক মোক্ষম আঘাত; Microsoft এ বন্ধ কৰিলে ব্যৱসায়