পাকিস্তানক সকিয়নী জয়শংকৰৰ
ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ প্ৰায় তিনি সপ্তাহৰ পাছত ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে পাকিস্তানক সকীয়াই দি কয় যে যদি পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ হয় তেন্তে ভাৰতে উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ কুণ্ঠাবোধ নকৰে ।
পাকিস্তানক সকিয়নী জয়শংকৰৰ-
সম্প্ৰতি জয়শংকৰ ব্ৰুছেলছ ভ্ৰমণত আছে । তাত এক সাক্ষাৎকাৰত পাকিস্তানক সকিয়নী দি জয়শংকৰে কয় যে ‘যদি পাকিস্তানৰ ভিতৰত সন্ত্ৰাসবাদী আত্মগোপন স্থান থাকে, তেন্তে আমি পাকিস্তানৰ ভিতৰত আক্ৰমণ কৰিম ।’ ভাৰত চৰকাৰৰ পৰা ধাৰাবাহিকভাৱে কোৱা হৈছে যে অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই আৰু যদি পাকিস্তানৰ পৰা পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ হয়, তেন্তে ভাৰতে পুনৰ সামৰিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰে । বৈদেশিক মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ এই স্থিতি পুনৰাবৃত্তি কৰে । বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে ‘সন্ত্ৰাসবাদ এই দেশৰ (পাকিস্তান) ৰাষ্ট্ৰীয় নীতিৰ এটা অংশ । এইটোৱেই সমস্যা ।’
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সংঘাত-
এপ্ৰিল মাহত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, য’ত ২৬জন নিৰীহ পৰ্যটকক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধি হত্যা কৰা হৈছিল । ইয়াৰ পিছতে মে’ মাহত ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰে, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে । ১০ মে’ত ভাৰতে বৃহৎ আক্ৰমণ চলাই পাকিস্তানৰ বহু বিমান ঘাটি ধ্বংস কৰে । ইয়াৰ পিছত পাকিস্তানে যুদ্ধ বন্ধ কৰিবলৈ আবেদন জনাইছিল, যিটো ভাৰতে মানি লয় আৰু যুদ্ধবিৰতি হয় ।
যুদ্ধ বিমান ভূপতিত কৰাৰ দাবীক লৈ কি ক’লে বৈদেশিক মন্ত্ৰীয়ে-
পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰা বুলি দাবী কৰিছিল । এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰীক সোধাত তেওঁ কয় যে ‘এই সন্দৰ্ভত কোনো মন্তব্য নকৰে, কিন্তু অতি সোনকালে সংশ্লিষ্ট কৰ্তৃপক্ষই সঠিক সময়ত এই সন্দৰ্ভত সম্পূৰ্ণ তথ্য দিব ।’ জয়শংকৰে কয় যে ‘ভাৰতৰ আক্ৰমণত পাকিস্তানৰ বহু ক্ষতি হয় আৰু ভাৰতৰ যুদ্ধ বিমান আৰু অন্যান্য সামৰিক সঁজুলিয়ে অতি সঠিকভাৱে আক্ৰমণ কৰিছিল আৰু পাকিস্তানৰ ধ্বংসপ্ৰাপ্ত বিমানঘাটিৰ ছবি গুগলত উপলব্ধ ।’
‘আৰু সন্ত্ৰাসবাদৰ সৈতে জীয়াই নাথাকো’
পাকিস্তানক সকিয়নী দি জয়শংকৰে কয় যে পাকিস্তানে অবিৰতভাৱে সন্ত্ৰাসবাদীক আশ্ৰয় আৰু প্ৰশিক্ষণ দি আহিছে আৰু দক্ষিণ সীমান্তত হাজাৰ হাজাৰ সন্ত্ৰাসবাদী উপস্থিত আছে । জয়শংকৰে পাকিস্তানক সকীয়াই দি কয় যে আমি আৰু সন্ত্ৰাসবাদৰ সৈতে জীয়াই নাথাকো । আমাৰ বাৰ্তা স্পষ্ট যে ভৱিষ্যতেও যদি এপ্ৰিল মাহৰ দৰে আক্ৰমণ চলি থাকে তেন্তে আমি প্ৰতিশোধ লম আৰু এই কাৰ্য্য সন্ত্ৰাসবাদী সংগঠন আৰু সন্ত্ৰাসবাদী নেতৃত্বৰ বিৰুদ্ধে হ’ব ।’
লগতে পঢ়ক : ‘শেষ হ’ল সকলো সম্পৰ্ক…,ডেম’ক্ৰেটক সমৰ্থন কৰিলে পৰিনাম হ’ব ভয়ংকৰ’; ইলন মাস্কক সকীয়নী ট্ৰাম্পৰ