ভাৰত-পাকিস্তানৰ উত্তেজনা তুংগত আছে। ইয়াৰ মাজতে ভাৰতৰ আক্ৰমণত নিহত হোৱা সন্ত্ৰাসবাদীৰ নাম পোহৰলৈ আহিছে।
ভাৰতৰ এই কাৰ্যত লস্কৰৰ সন্ত্ৰাসবাদী আবু জণ্ডাল, খালিদ ওৰফে আবু আকাছাক হত্যা কৰা হৈছে।এই অভিযানত জঈচ সন্ত্ৰাসবাদী হাফিজ মহম্মদ জমীল, মহম্মদ ইউছুফ আজহাৰ আৰু মহম্মদ হাছান খানকো নিহত কৰা হয়।
যোৱা ৭ মে’ত পাকিস্তানত ভাৰতৰ আক্ৰমণত এই ৫ টা সন্ত্ৰাসবাদী নিহত হৈছিল। ভাৰতীয় সেনাই এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ লগতে এই তথ্য দিছে।
নিহত সন্ত্ৰাসবাদীৰ নাম
মুদ্দাছাৰ খাদিয়ান খাছ(লস্কৰ-ই-তৈবা)
খালিদ ওৰফে আবু আকাছা (লস্কৰ-ই-তৈয়বা)
হাফিজ মহম্মদ জামিল (জঈচ-ঈ-মহম্মদ)
মহম্মদ ইউছুফ আজহাৰ ওৰফে উস্তাদ জী ওৰফে মহম্মদ চেলিম ওৰফে ঘোষী চাহাব(জঈচ-ঈ-মহম্মদ)
মহম্মদ হাছান খান(জঈচ-ঈ-মহম্মদ)
Post Views: 50