পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণৰ পিছত শ্বহীদ লেফটেনেণ্ট বিনয় নৰৱালৰ পত্নী হিমাংশী নৰৱালে ক’লে যে, আজি আমাৰ সেনা আৰু মোদী চৰকাৰে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আকাশত উচিত প্ৰত্যুত্তৰ দি প্ৰমাণ কৰি দিলে যে ২৭ টা ভাৰতীয় পৰিয়ালে যি যন্ত্ৰণা ভোগ কৰিছিল সেই যন্ত্ৰণা এতিয়া পাকিস্তানেও উপলব্ধি কৰিছে।
হিমাংশীয়ে কয় যে অপাৰেচন সিন্দুৰৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু দেশৰ সেনাক ধন্যবাদ জনাইছে।তেওঁ কয় যে ভাৰতীয় সেনাৰ এই কাৰ্য ইয়াতেই থমকি ৰ’ব নালাগে, মই বিচাৰে যে সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হওক।
তেওঁ লগতে কয় যে, আশা কৰো হয়টো এতিয়া বিনয়ৰ আত্মাই শান্তি লাভ কৰিব। হিমাংশীয়ে কয় যে তেওঁ বিচাৰে সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল হোৱাটো, যাতে তেওঁৰ দৰে আন কোনো ব্যক্তিয়ে এনে যন্ত্ৰণাৰ মাজেৰে পাৰ হ’ব নালাগে।
এই এয়াৰ ষ্টাইকৰ নাম ‘অপাৰেচন সিন্দুৰ’ দিয়াৰ সন্দৰ্ভত হিমাংশীয়ে কয় যে, এই নামটো উপযুক্ত কাৰণ মই এই নামটোৰ সৈতে ভালদৰে জ্ঞাত।কাৰণ মই বিয়া হৈছিলোঁ হে আৰু মোৰ জীৱনটো কাঢ়ি লোৱা হৈছিল।মোৰ জীৱনটো এক চেকেণ্ডতে ওলোটা হৈ গ’ল।এতিয়া মনত অকমান শান্তি পাইছো’।