বহু জটিল ৰোগৰ বাবে অতি উত্তম কেঁচা বুট
আমি প্ৰায়ে শুনো যে, স্বাস্থ্য ভালে ৰাখিবলৈ ৰাতিপুৱা তিয়াই থোৱা বুট খাব লাগে। কিয়নো তিয়াই থোৱা বুটে আমাৰ স্বাস্থ্য ৰক্ষাত অমৃতৰ দৰে কাম কৰে।
বুটত সাধাৰণতে প্ৰচূৰ পৰিমাণে প্ৰ’টিন আৰু ফাইবাৰ আছে লগতে বুটত ফেটৰ পৰিমাণ খুব কম থাকে ফলত ই ওজন কমোৱাত সহায়ক হিচাপে পৰিগণিত হয়।
ৰাতিপুৱা খালি পেটত তিয়াই খোৱা বুট বা কেঁচা বুট খাই আপুনি আপোনাৰ আয়ুস বৃদ্ধি কৰি পাৰে।তিয়াই থোৱা বুটেই নহয়, বুট তিয়াই থোৱা পানীখিনিও খুব স্বাস্থ্য উপকাৰী।
কেঁচা বুটে উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। শৰীৰক ভিতৰৰ পৰা মজবুত কৰাৰ বাবেও বুট খাব লাগে।
ব্যায়াম কৰাৰ আগতে প্ৰ’টিন গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। ই পেশীৰ বিকাশ আৰু মেৰামতি কৰাত বহু পৰিমাণে সহায় কৰে।
বুটে হৃৎপিণ্ড ভালে ৰখাত সহায় কৰে। শৰীৰৰ অপ্ৰয়োজনীয় কলেষ্টেৰল হ্ৰাস কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে।
বুটমাহত আইৰণ থাকে, যিয়ে হিম’গ্লোবিন উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আইৰণে শৰীৰত শক্তিৰ স্তৰ বৃদ্ধি কৰে।সেয়েহে কঠোৰ শাৰিৰীক পৰিশ্ৰম কৰাৰ পূৰ্বে তিয়াই থোৱা বুট খোৱাটো উপকাৰী।
(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শ হে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)