২১ যাত্ৰী কঢ়িয়াই নিয়া হট এয়াৰ বেলুনত জুই
ব্ৰাজিলৰ দক্ষিণৰ চান্টা কেটাৰিনা ৰাজ্যত শনিবাৰে ২১ জন যাত্ৰী কঢ়িয়াই নিয়া এটা হট এয়াৰ বেলুনত অগ্নিকাণ্ড সংঘটিত হয় । এই ঘটনাত কমেও ৮ জন লোকৰ মৃত্যু হয় । প্ৰকাশিত বাতৰি অনুসৰি পুৱা উৰণৰ সময়ত পৰ্যটকৰ বেলুনটোত জুই লাগে আৰু তাৰ পিছত প্ৰাইয়া গ্ৰেণ্ডে চহৰত দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত ১৩ জন লোকৰ কোনোমতে প্ৰাণৰক্ষা পৰে আৰু ৮ জন লোকৰ মৃত্যু হয় ।
স্থানীয় গৱৰ্ণৰে কয় যে উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । এই দুৰ্ঘটনাত সকলো স্তম্ভিত হৈ পৰিছে বুলিও তেওঁ কয় । অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি ১৩ জন জীৱিত লোকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় ।
লগতে পঢ়ক : ‘ভাৰত-পাক যুদ্ধ বন্ধ কৰাৰ বাবে আমি ক্ৰেডিট বা নোবেল বঁটা নাপাওঁ’; পুনৰ আৱেগিক ডনাল্ড ট্ৰাম্প
Post Views: 38