ভাৰতে নিৰ্মাণ কৰিছে ৮০০০ কিলোমিটাৰ দূৰত্ব ভেদিব পৰা হাইপাৰছনিক মিছাইল কে-৬
ইজৰাইল-ইৰাণ যুদ্ধৰ সময়ত যেতিয়া আমেৰিকাই বি-২ বোমাৰু বিমান আৰু চাবমেৰিনৰ পৰা নিক্ষেপ কৰা টমাহক মিছাইলেৰে ইৰাণৰ ইছফাহান পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰিছিল, তেতিয়া সকলোৱে আচৰিত হৈছিল যে কেইবাশ কিলোমিটাৰ দূৰৈৰ সাগৰৰ পৰাও এনে আক্ৰমণ কৰিব পৰা যায় । ভাৰতেও এই দিশত এটা ডাঙৰ পদক্ষেপ ল’বলৈ ওলাইছে ।
পাৰমাণৱিক চাবমেৰিনৰ পৰা উৎক্ষেপণ কৰা প্ৰথমটো হাইপাৰছনিক মিছাইল কে-৬ নিৰ্মাণ কৰিছে ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই । এই আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (ICBM)ৰ ৰেঞ্জ প্ৰায় ৮,০০০ কিলোমিটাৰ আৰু অতি সোনকালে ইয়াৰ পৰীক্ষা কৰিব পৰা যাব । শেহতীয়াকৈ ডি আৰ ডি অ’ৰ উদ্যোগত আয়োজিত আলোচনা চক্ৰত কে-৬ ক্ষেপণাস্ত্ৰৰ বৈশিষ্ট্যৰ বিষয়ে তথ্য ভাগ কৰা হৈছিল । এই কে-৬ ক্ষেপণাস্ত্ৰৰ গতিবেগ ৭.৫ মেক অৰ্থাৎ প্ৰতি ঘণ্টাত ৯,২০০ কিলোমিটাৰ ।
ভাৰতৰ আছে দুখন পাৰমাণৱিক শক্তি সম্পন্ন ছাবমেৰিন-
কে-৬ হৈছে ভাৰতৰ প্ৰথমটো হাইপাৰছনিক মিছাইল, যিটো চাবমেৰিনৰ পৰা নিক্ষেপ কৰা হ’ব । অদূৰ ভৱিষ্যতে নিৰ্মাণ হ’বলগীয়া পাৰমাণৱিক চাবমেৰিনৰ পৰা এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হ’ব । ভাৰতবৰ্ষত বৰ্তমান আই এন এছ অৰিহান্ত আৰু আই এন এছ অৰিঘাট নামৰ দুখন পাৰমাণৱিক শক্তি সম্পন্ন চাবমেৰিন আছে ।
আই এন এছ অৰিহান্ত আৰু আই এন এছ অৰিঘাট পাৰমাণৱিক চাবমেৰিনৰ পৰা কে-১৫ (৭৫০ কিলোমিটাৰ ৰেঞ্জ), কে-৪ (৩,৫০০ কিলোমিটাৰ ৰেঞ্জ) আৰু কে-৫ (৫,০০০ কিলোমিটাৰ) কৌশলগত বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিব পাৰি । এই সকলোবোৰ কে-৬ৰ দৰে চাবমেৰিন লঞ্চড বেলিষ্টিক মিছাইল (এছ বি এল এম)। ইয়াৰ উপৰিও তৃতীয়খন পাৰমাণৱিক চাবমেৰিন আই এন এছ অৰিধমানো চলিত বৰ্ষৰ শেষৰ ফালে সাজু হ’ব পাৰে ।
যোৱা বছৰ নৱেম্বৰ মাহত ভাৰতে প্ৰথমটো হাইপাৰছ’নিক মিছাইল প্ৰস্তুত কৰিছিল । ডি আৰ ডি অ’ই ওড়িশাৰ উপকূলৰ পৰা ১৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বত আঘাত কৰিব পৰা হাইপাৰছ’নিক মিছাইলৰ সফলতাৰে পৰীক্ষা কৰিছিল । ইয়াৰ লগে লগে ভাৰতে এতিয়া ৰাছিয়া আৰু চীনৰ দৰে দেশৰ ক্লাবত যোগদান কৰে, যিসকলৰ অস্ত্ৰভাণ্ডাৰত শব্দৰ গতিবেগতকৈ পাঁচগুণ বেছি বেগেৰে ক্ষেপণাস্ত্ৰ দীৰ্ঘদিন ধৰি ৰখা হৈছে ।
হাইপাৰছ’নিক মিছাইলৰ গতি মেক-৫ (অৰ্থাৎ শব্দৰ গতিৰ পাঁচগুণ)ৰ পৰা মেক-২৫লৈকে । আনকি শত্ৰুৰ ৰাডাৰ বা বায়ু প্ৰতিৰক্ষা ব্যৱস্থাইও এই ক্ষেপণাস্ত্ৰ ধৰা পেলাব নোৱাৰে ।
ইজৰাইল-ইৰাণ যুদ্ধত ব্যৱহৃত হাইপাৰছনিক মিছাইল-
ইয়াৰ পূৰ্বে মধ্যপ্ৰাচ্যৰ সংকটৰ সময়ত য়েমেনৰ হৌথী বিদ্ৰোহীয়ে ইজৰাইলৰ ওপৰত হাইপাৰছ’নিক মিছাইল নিক্ষেপ কৰি সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছিল । শেহতীয়াকৈ ইজৰাইল-ইৰাণ যুদ্ধতো হাইপাৰছ’নিক মিছাইল ব্যৱহাৰ কৰা হৈছিল । ইৰাণে হাইপাৰছ’নিক মিছাইল ব্যৱহাৰ কৰি টেল আভিভ আৰু ইজৰাইলৰ অন্যান্য চহৰত আক্ৰমণ চলাইছিল । ইজৰাইলৰ আইৰন ড’ম আৰু আমেৰিকাৰ THAAD (টাৰ্মিনেল হাই এলটিটুড এয়াৰ ডিফেন্স) ব্যৱস্থাইও এই ক্ষেপণাস্ত্ৰসমূহক বাধা দিব নোৱাৰিলে, যাৰ বাবে ইজৰাইলে প্ৰচণ্ড ধ্বংসৰ সাক্ষী হ’ল ।
ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই ব্যৱহাৰ কৰিছিল হাইপাৰছনিক মিছাইল কিনজাল-
ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই হাইপাৰছ’নিক ‘কিনজাল’ মিছাইল ব্যৱহাৰ কৰিছে । মিগ-৩১ যুঁজাৰু বিমানৰ পৰা ৰাছিয়াই এই কিনজাল ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল । শেহতীয়াকৈ আমেৰিকাইও যুদ্ধ বিমানৰ পৰা নিক্ষেপ কৰিব পৰা হাইপাৰছনিক মিছাইল ‘মেকো’ নিৰ্মাণ কৰা বুলি দাবী কৰিছে ।
লগতে পঢ়ক : ভাৰতে নিৰ্মাণ কৰিব আটাইতকৈ শক্তিশালী বাংকাৰ-বাষ্টাৰ্ছ; মাটিৰ ১০০ মিটাৰ পৰ্যন্ত সোমাই কৰিব আক্ৰমণ