দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাকসন্ধিয়া দেশবাসীক সম্বোধন কৰে। দেশবাসীক সম্বোধন কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ দ্ৰুত আৰু নিৰ্ণায়ক পদক্ষেপ ‘অপাৰেচন সেন্দুৰ’ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত এক ঐতিহাসিক নিদৰ্শন হিচাপে স্মৰণীয় হৈ থাকিব।
বৃহস্পতিবাৰে দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে এপ্ৰিল মাহত পহলগামত নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণক কাপুৰুষ আৰু সম্পূৰ্ণ অমানৱীয় বুলি অভিহিত কৰিছিল।
ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে ‘অপাৰেচন সেন্দুৰক নিৰ্ণায়ক পদ্ধতি আৰু অদম্য সংকল্পৰে সম্পন্ন কৰা হৈছিল।ইয়াৰ দ্বাৰা প্ৰমাণিত হ’ল যে আমাৰ সশস্ত্ৰ বাহিনী যিকোনো পৰিস্থিতিত দেশক ৰক্ষা কৰিবলৈ সাজু।”
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আৰু কয় যে এই অভিযান সন্ত্ৰাসবাদৰ বিৰুদ্ধে মানৱতাৰ যুঁজত ইতিহাসত লিপিবদ্ধ হ’ব আৰু পহলগাম আক্ৰমণৰ পিছত দেশে ঐক্যবদ্ধভাৱে উত্তৰ দিয়ে, যিটো আমাক বিভাজিত কৰিব বিচৰাসকলৰ বাবে আটাইতকৈ উপযুক্ত সঁহাৰি আছিল।
তেওঁ আৰু কয় “বিশ্বই লক্ষ্য কৰিছে যে ভাৰত আক্ৰমণাত্মক নহয়, কিন্তু ই কেতিয়াও নিজৰ নাগৰিকক সুৰক্ষা দিবৰ বাবে প্ৰতিশোধ ল’বলৈ কুণ্ঠাবোধ নকৰে।”
অপাৰেচন সিন্দুৰক প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰ ভাৰত অভিযানৰ পৰীক্ষামূলক ক্ষেত্ৰ বুলি অভিহিত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়,“ইয়াৰ ফলাফলে প্ৰমাণ কৰে যে আমি সঠিক দিশত আগবাঢ়িছো।”
ৰাষ্ট্ৰপতি মুৰ্মুৱে শিক্ষা, দক্ষতা আৰু মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়,“ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০য়ে সুদূৰপ্ৰসাৰী পৰিৱৰ্তন আনিছে, যিয়ে শিক্ষাৰ সৈতে মূল্যবোধ আৰু দক্ষতাক পৰম্পৰাৰ সৈতে সংযুক্ত কৰে”।
“যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ দ্ৰুতগতিত বৃদ্ধি পাইছে, আৰু যিসকলৰ উদ্যোগীকৰণৰ সপোন আছে,চৰকাৰে তেওঁলোকৰ বাবে আটাইতকৈ অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে।”
লগতে পঢ়ক: ঘোষণা হ’ল বীৰ চক্র সন্মান; ৯গৰাকী ভাৰতীয় বায়ুসেনাৰ বিষয়ালৈ দেশৰ তৃতীয় সৰ্বোচ্চ সামৰিক সন্মান