মধুমেহ ৰোগত হালধিৰ উপকাৰিতা
পাকঘৰৰ পৰা আৰম্ভ কৰি সৌন্দৰ্য্য চৰ্চা কৰালৈকে আমি হালধি ব্যৱহাৰ কৰোঁ ৷ হালধিৰ ৰঙ হালধীয়া কাৰণে ইয়াক ভাৰতীয় কেশৰ বুলি কয়।বহুতে ইয়াক সোনালী ৰঙৰ মচলা বুলিও কয় ।
ইয়াৰ উপৰিও হালধি আমাক বিভিন্ন অসুখৰ পৰা আৰোগ্য পোৱাত যথেষ্ট সহায় কৰে৷ তাৰ ভিতৰত অন্যতম হ’ল মধুমেহ ৰোগৰ পৰা আৰোগ্য পোৱা ৷
কিন্তু ইয়াক ৰোগীসকলে এটা পৰিমাণত ল’ব লাগে কাৰণ,ই ব্লাড চুগাৰ পৰিমাণক সীমিত কৰি দিয়ে ৷
যি ৰোগীসকলৰ কাৰণে সুৰক্ষিত নহয় ৷ চাওঁ আহক হালধিৰ উপকাৰিতা যিয়ে মধুমেহ ৰোগৰ পৰা আৰোগ্য পোৱাত সহায় কৰিব ৷
গাখীৰ আৰু হালধি পাউদাৰ মিশ্ৰিত কৰি যদি আপুনি সেৱন কৰে তেন্তে মধুমেহ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিব। এটা পাত্ৰত গাখীৰ গৰম কৰি তাত অলপ হালধি মিহলাই সেৱন কৰি সুফল পাব মধুমেহ ৰোগী সকলে ৷
দ্বিতীয়তে এটা পাত্ৰত অলপ গাখীৰ গৰম কৰি,তাত অলপ হালধি মিহলাব লাগে ৷যেতিয়া হালধি আৰু গাখীৰ মিশ্ৰিত কৰা খিনি তৈয়াৰ হ’ব আৰু ঠাণ্ডা হ’ব ,তেতিয়া তাত অলপ জালুকৰ গুড়ি দি সেৱন কৰিব পাৰে ৷
এই হালধি,গাখীৰ আৰু জালুকৰ মিশ্ৰন খিনি যদি মধুমেহ ৰোগীয়ে সেৱন কৰে তেন্তে সুফল পাব পাৰে৷অন্য এটা বিধি হৈছে হালধি মিশ্ৰিত গাখীৰ যদি আমি পুৱা সেৱন কৰোঁ তেন্ত আমাৰ ছালৰ কাৰণে অত্যন্ত উপকাৰী ৷
কিন্তু হালধি মিশ্ৰিত গাখীৰৰ লগত যদি অলপ দালচেনী পাউদাৰ মিহলাই পুৱা সেৱন কৰে ,তেন্তে শৰীৰৰ ইচুলিনৰ পৰিমাণ সীমিত কৰে ৷
হালধিয়ে ৰক্ত সঞ্চালনকো কম কৰে ৷ উল্লেখ্যনীয় যে হালধি মিশ্ৰিত গাখীৰ শৰীৰ,ছাল চুলিৰ কাৰণে অত্যন্ত উপযোগী ৷
কিন্তু তাত যদি অলপ মৌ মিহলাই দিয়া হয় তেন্তে মধুমেহ ৰোগীসকলৰ কাৰণে উপকাৰী হ’ব পাৰে ৷ইয়াৰোপৰি আপুনি আপোনাৰ হালধী মিশ্ৰিত গাখীৰত অলপ আদা মিহলাই সেৱন কৰিব পাৰে ৷
(এই লেখাটোত দিয়া পৰামৰ্শসমূহ কেৱল সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো তথ্য গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: UPSC প্ৰিলিমছৰ পৰীক্ষাৰ ফলাফল কেতিয়া কৰিব ঘোষণা? কেনেকৈ কৰিব পৰীক্ষা