দিব্যা দেশমুখৰ সফলতা
ভাৰতৰ আশাব্যঞ্জক যুৱ দবা খেলুৱৈ দিব্যা দেশমুখে পুনৰবাৰ নিজৰ প্ৰতিভা আৰু সাহস প্ৰমাণ কৰিলে।এই যুৱ খেলুৱৈ গৰাকীয়ে বিশ্বৰ এক নম্বৰ চীনা দবা কিংবদন্তি হৌ য়িফানক পৰাস্ত কৰি শিৰোনাম দখল কৰিছিল।
লণ্ডনত অনুষ্ঠিত বিশ্ব ব্লিটজ টিম চেছ চেম্পিয়নশ্বিপত বিশ্বৰ এক নম্বৰ মহিলা খেলুৱৈ চীনৰ হৌ য়িফানক পৰাস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
দবা জগতত হৌ য়িফানক অতুলনীয় বুলি গণ্য কৰা হয়। এই কাৰণেই দিব্যাৰ এই জয়ক ঐতিহাসিক বুলি গণ্য কৰা হৈছে।

দৰাচলতে ১৮ বছৰীয়া ভাৰতীয় দবা তাৰকা দিব্যা দেশমুখে ফিডে ৱৰ্ল্ড ৰেপিড এণ্ড ব্লিটজ টিম চেম্পিয়নশ্বিপৰ দ্বিতীয় পৰ্যায়ৰ ব্লিটজ ছেমি ফাইনেলত জয়লাভ কৰে।
দিব্যাই বিশ্বৰ ১ নম্বৰ খেলুৱৈ হৌ য়িফানক পৰাস্ত কৰাৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত দিব্যাক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ‘এক্স’ হেণ্ডেলত লিখিছে, ‘লণ্ডনত অনুষ্ঠিত বিশ্ব টিম ব্লিটজ চেম্পিয়নশ্বিপৰ দ্বিতীয় পৰ্যায়ৰ ব্লিটজ ছেমি ফাইনেলত বিশ্বৰ ১ নম্বৰ খেলুৱৈ হৌ য়িফানক পৰাস্ত কৰাৰ বাবে দিব্যা দেশমুখলৈ অভিনন্দন।
তেওঁৰ এই সফলতাই তেওঁৰ ধৈৰ্য্য আৰু দৃঢ়তাৰ প্ৰতিফলন ঘটায়।ইয়াৰ উপৰিও ই বহুতো উদীয়মান দবা খেলুৱৈক অনুপ্ৰাণিত কৰিব। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা।’
কোন হয় দিব্য দেশমুখ
২০০৫ চনৰ ৯ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ নাগপুৰত জন্মগ্ৰহণ কৰিছিল দিব্যা দেশমুখে। তেওঁৰ পিতৃ-মাতৃ দুয়োজন ডাঃ জিতেন্দ্ৰ আৰু ডাঃ নম্ৰতা চিকিৎসা বৃত্তিৰ লগত জড়িত।
মাত্ৰ পাঁচ বছৰ বয়সতে দিব্যাই দবা বৰ্ডত ভৰি দি অতি সোনকালেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ দক্ষতা প্ৰদৰ্শন কৰে।২০১২ চনত তেওঁ ৭ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত জয়লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।
ইয়াৰ পিছত ২০১৪ চনত ডাৰবানত অনুষ্ঠিত হোৱা দহ বছৰ অনুৰ্ধৰ বিশ্ব যুৱ শাখাৰ খিতাপ আৰু ২০১৭ চনত ব্ৰাজিলত ১২ বছৰ অনুৰ্ধৰ শাখাৰ খিতাপ দখল কৰে।
তেওঁৰ ধাৰাবাহিক অগ্ৰগতিৰ ফলত ২০২১ চনত তেওঁক মহিলা গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত কৰা হয়, যাৰ ফলত তেওঁ বিদৰ্ভৰ প্ৰথমগৰাকী খেলুৱৈ আৰু এই কৃতিত্ব অৰ্জন কৰা দেশৰ ভিতৰতে ২২ সংখ্যক খেলুৱৈ হিচাপে পৰিগণিত হয়।
উল্লেখ্য যে ৰেপিড ফৰ্মেটত দিব্যাই ৫ টা জয়, ৬ টা ড্ৰ আৰু মাত্ৰ এটা পৰাজয় পাইছিল। ৬ নং বৰ্ডত ২৪২০ ৰ প্ৰদৰ্শন ৰেটিংৰে দলীয় ৰূপ আৰু ব্যক্তিগত ব্ৰঞ্জৰ পদক লাভ কৰে।
১০ জুনৰ পৰা ১৬ জুনলৈ লণ্ডনত অনুষ্ঠিত হৈছিল FIDE ৱৰ্ল্ড ৰেপিড আৰু ব্লিটজ টিম চেম্পিয়নশ্বিপৰ তৃতীয় সংস্কৰণ।
ইয়াৰ মুঠ পুৰস্কাৰৰ ধন আছিল ৫,০০,০০০ ইউৰো। ৰেপিড টুৰ্ণামেণ্টৰ বাবে ৩,১০,০০০ ইউৰো আৰু ব্লিটজৰ বাবে ১৯০,০০০ ইউৰো নিৰ্ধাৰণ কৰা হৈছিল।
দিব্যাই বুডাপেষ্টত অনুষ্ঠিত ৪৫ সংখ্যক দবা অলিম্পিয়াড (২০২৪)ত ভাৰতৰ দলক সোণৰ পদক লাভ কৰাত অৰিহণা যোগাইছিল আৰু বিশ্ব দলীয় ৰেপিড আৰু ব্লিটজ চেম্পিয়নশ্বিপৰ ব্লিটজ ছেগমেণ্টত ২৬০০ৰো অধিক প্ৰদৰ্শন ৰেটিং লাভ কৰি ব্যক্তিগত সন্মান লাভ কৰিছিল।
এতিয়ালৈকে তেওঁ অলিম্পিয়াডত তিনিটা স্বৰ্ণ, কেইবাটাও এছিয়ান আৰু বিশ্ব যুৱ খিতাপকে ধৰি কেইবাটাও পদক লাভ কৰিছে।
লগতে পঢ়কে: ‘মই এই টেষ্ট মেচত…’; ইংলেণ্ডৰ বিৰুদ্ধে মেচৰ পূৰ্বে অধিনায়ক শুভমান গীলৰ ডাঙৰ মন্তব্য