আজি জম্মু-কাশ্মীৰ ভ্ৰমণত আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । এই ভ্ৰমণ সূচীৰে তেওঁ শ্ৰীনগৰত উপস্থিত হয় । তেওঁৰ সৈতে উপস্থিত আছে এল জি মনোজ সিনহা । তেওঁ সেনা বিষয়া আৰু জোৱানসকলক সাক্ষাত কৰে । সেনাৰ চিনাৰ কৰ্পছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ পিছত ৰাজনাথ সিঙৰ এয়া প্ৰথম জম্মু-কাশ্মীৰ ভ্ৰমণ । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত উপস্থিত হৈ বায়ুসেনাৰ জোৱানসকলক সাক্ষাৎ কৰি তেওঁলোকৰ মনোবল বৃদ্ধি কৰে ।
পাকিস্তানে যথেষ্ট মূল্য ভৰিবলগা হয়- প্ৰতিৰক্ষা মন্ত্ৰী
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বদামি বাগ চাউনীত কয়, “এই কঠিন পৰিস্থিতিত আজি আপোনালোক সকলোৰে মাজত থাকি মই অতি গৌৰৱ অনুভৱ কৰিছো । ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত, আমাৰ প্ৰধানমন্ত্ৰীৰ সক্ষম নেতৃত্ব আৰু নিৰ্দেশনাত আপোনালোকে যি কৰিলে, সমগ্ৰ দেশ গৌৰৱেৰে ভৰি পৰিছে । মই এতিয়া আপোনালোকৰ প্ৰতিৰক্ষা মন্ত্ৰী, কিন্তু তাৰ আগতে মই ভাৰতৰ নাগৰিক । প্ৰতিৰক্ষা মন্ত্ৰী হোৱাৰ লগতে আজি মই মোক প্ৰকাশ কৰিবলৈ আহিছো । ভাৰতৰ নাগৰিক হিচাপেও আপোনালোকৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।” প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে আমি আমাৰ সেনাবাহিনীক লৈ গৌৰৱান্বিত । অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক বৃহৎ পদক্ষেপ । পাকিস্তানে যথেষ্ট মূল্য দিবলগীয়া হৈছে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি যিকোনো পৰিসৰলৈ যাব পাৰো ।
শত্ৰুৱে কেতিয়াও পাহৰিব নোৱাৰে : ৰাজনাথ সিং
প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয়, ‘আপোনালোকৰ শক্তি অনুভৱ কৰিবলৈ আহিছো, যিয়ে শত্ৰুক ধ্বংস কৰিলে । সীমান্তৰ সিপাৰে পাকিস্তানী পোষ্ট আৰু বাংকাৰ ধ্বংস কৰাৰ ধৰণ শত্ৰুৱে কেতিয়াও পাহৰিব নোৱাৰে । সাধাৰণতে মানুহে উত্তেজনাত জ্ঞান হেৰুৱাই পেলায় । কিন্তু আপোনালোকে আপোনালোকৰ উৎসাহ, আপোনালোকৰ স্থিৰতা বজাই ৰাখিছে আৰু বুদ্ধিমত্তাৰে শত্ৰুৰ ঘাটি ধ্বংস কৰিছে ।
‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি যিকোনো পৰিসৰলৈ যাব পাৰো’
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “অপাৰেচন সিন্দুৰ হৈছে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা আটাইতকৈ ডাঙৰ পদক্ষেপ । বিগত ৩৫-৪০ বছৰ ধৰি ভাৰতে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ সন্মুখীন হৈ আহিছে । আজি ভাৰতে সমগ্ৰ বিশ্বক স্পষ্ট কৰি দিছে যে আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যিকোনো পৰিসৰলৈ যাব পাৰো ।”
তেওঁ আৰু কয়, “পহলগামত সন্ত্ৰাসবাদী কাণ্ড সংঘটিত কৰি ভাৰতক আঘাত দিয়াৰ প্ৰয়াস কৰা হৈছিল; ভাৰতৰ ঐক্য ভংগ কৰাৰ প্ৰয়াস কৰা হৈছিল । ভাৰতৰ কপালত আক্ৰমণ কৰিলে, আমি তেওঁলোকৰ বুকুত ঘাঁ দিলোঁ । পাকিস্তানৰ ঘাঁ ভাল কৰাৰ একমাত্ৰ উপায় হ’ল ভাৰত বিৰোধী আৰু সন্ত্ৰাসবাদী সংগঠনক আশ্ৰয় দিয়া বন্ধ কৰা আৰু ইয়াৰ ভূমি ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ নিদিয়া ।”