মিগেল উৰিবেক আক্ৰমণ
কলম্বিয়াৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মিগেল উৰিবে তুৰ্বেক গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰা হয়। এই আক্ৰমণত তেওঁ গুৰুতৰভাৱে আহত হয়।অহা বছৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে তেওঁ এজন সম্ভাৱ্য প্ৰাৰ্থী।
জানিব পৰা মতে শনিবাৰে বগোটাত উৰিবে এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিল।সভাখনত ভাষণ দি থকাৰ সময়তে পিছফালৰ পৰা কোনো দুৰ্বৃত্তই গুলীচালনা কৰে।
দুৰ্বৃত্তই মিগেলৰ মূৰ আৰু পিঠিত ৮ টাকৈ গুলি নিক্ষেপ কৰে। গুলীচালনাৰ ফলত গুৰুতৰভাৱে আহত হয় উৰিবেক।
ঘটনাৰ পিছতে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গুলীচালনাৰ সৈতে জড়িত এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।
বৈদেশিক মন্ত্ৰী ল’ৰা চাৰাবিয়াই ছ’চিয়েল মিডিয়াত কয় যে, “হিংসা কেতিয়াও সমাধান নহয়।মই আশা কৰিছো উৰিবে সোনকালে সুস্থ হৈ উঠিব আৰু বিপদৰ পৰা ওলাই যাব।’
শনিবাৰে কলম্বিয়াৰ ৰাজধানী বগোটাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল,যেতিয়া দেশখনৰ সম্ভাৱ্য ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা প্ৰতিষ্ঠান বিৰোধী চিনেটৰ মিগেলে নিৰ্বাচনী সমাৱেশৰ সময়ত আক্ৰমণ কৰা হৈছিল।
ফণ্টিবন অঞ্চলৰ এখন ৰাজহুৱা উদ্যানত সংঘটিত হয় এই আক্ৰমণ, য’ত উৰিবে তেওঁৰ সমৰ্থকৰ মাজত উপস্থিত আছিল আৰু ভাষণ দি আছিল।
মিগেল উৰিবে টাৰবাই কোন?
মিগেল উৰিবে (৩৯) কলম্বিয়াৰ ৰক্ষণশীল ডেম’ক্ৰেটিক চেণ্টাৰ দলৰ সদস্য, যিটো প্ৰতিষ্ঠা কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি আলভাৰো উৰিবে।
২০২৬ হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মিগেল উৰিবে তুৰ্বে সম্ভাৱ্য ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বিবেচিত হৈছে।এই সন্দৰ্ভত তেওঁ সমগ্ৰ দেশতে নিৰ্বাচনী সভাও অনুষ্ঠিত কৰিছে।