মুখ্যমন্ত্ৰীৰ ঘোষণা; টকাৰ বাবে ৰাখি থব নোৱাৰিব মৃতদেহ
ব্যক্তিগত নাৰ্ছিংহোমক লৈ এইবাৰ কঠোৰ হৈছে ৰাজ্যচৰকাৰ। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত ব্যক্তিগত নাৰ্ছিংহোমক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এতিয়াৰে পৰা কোনো ব্যক্তিগত নাৰ্ছিংহোমে টকা নোপোৱাৰ বাবে কোনো ৰোগীৰে মৃতদেহ ৰাখি থব নোৱাৰিব।
মৃতদেহ ৪ ঘন্টাতকৈ অধিক সময় ৰাখি থলে বন্ধ হ’ব নাৰ্ছিংহোমখন।ইয়াৰ বাবে কেৱল ৰোগীৰ আত্মীয়ই ১০৪ত ফোন কৰিলে অভিযোগ দিলেই চৰকাৰে ল’ব এক্সন।
তেওঁ লগতে কয় যে, ১০৪ ৰ সলনি স্থানীয় আৰক্ষীকো জনাব পাৰিব আত্মীয়ই। তাৰ পিছতেই আৰক্ষীয়ে গৈ ব্যক্তিগত হাস্পতালখনৰ পৰা উদ্ধাৰ কৰিব মৃতদেহ।
যদি ৰাজ্যৰ ব্যক্তিগত হাস্পতালসমূহ এই নিয়ম বংগ কৰে, তেতিয়াহলে ৩ৰ পৰা ৬ মাহলৈ হাস্পতালখনৰ লাইচেন্স বাতিল হোৱাৰ লগতে ৫ লাখ টকালৈকে ভৰিব লাগিব জৰিমনা।
আৰু যদি বাৰে বাৰে এই নিয়ম ভংগ কৰে তেনেহলে বন্ধ কৰি দিয়া হ’ব নাৰ্ছিংহোমখন। ১ আগষ্টৰ পৰা এই নিয়ম কাৰ্যকৰী হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে।
লগতে পঢ়ক: বিপদ বাঢ়িছে শ্বেখ হাছিনাৰ; মানৱতাৰ বিৰুদ্ধে অপৰাধ গোচৰত ফ্ৰেমৱৰ্ক কৰা অভিযোগ