CBSE ৰ ডাঙৰ সিদ্ধান্ত
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড(CBSE) এ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰাৰ নিয়মত অনুমোদন জনাইছে।
২০২৬ চনৰ পৰা CBSE ৰ তৰফৰ পৰা দশম শ্ৰেণীৰ বৰ্ড পৰিক্ষা বছৰটোত দুবাৰকৈ অনুষ্ঠিত কৰিব। চিবিএছইৰ পৰীক্ষা নিয়ন্ত্ৰক সনয়ম ভৰদ্বাজে কয় যে ইয়াৰ বাবে তেওঁলোকে ইতিমধ্যে অনুমোদন জনাইছে।
বছৰৰ প্ৰথমটো পৰীক্ষা ফেব্ৰুৱাৰী মাহত আৰু দ্বিতীয় পৰীক্ষা মে’ মাহত অনুষ্ঠিত হ’ব।একে সময়তে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ ফলাফল এপ্ৰিল মাহত ঘোষণা কৰাৰ লগতে মে’ মাহত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ ফলাফল জুন মাহত ঘোষণা কৰা হ’ব।
দশম বৰ্ড পৰীক্ষাৰ (CBSE 10th Board Exam New Rules) ছাত্ৰ-ছাত্ৰীসকলে প্ৰথম পৰীক্ষাত উপস্থিত হোৱাটো বাধ্যতামূলক হ’ব আৰু দ্বিতীয় বাৰৰৰ পৰীক্ষাত ইচ্ছা কৰিলে অংশ ল’ব পাৰে।
দ্বিতীয় বাৰৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে নম্বৰ বেছি কৰিবৰ বাবে পৰীক্ষাটো দিব পাৰিব। নতুন নিয়ম অনুসৰি বছৰত এবাৰহে আভ্যন্তৰীণ মূল্যায়ন কৰা হ’ব।
কেতিয়া হ’ব পৰীক্ষাসমূহ
ফেব্ৰুৱাৰী মাহত চিবিএছইয়ে প্ৰস্তুত কৰা এই নিৰ্দেশনাত, কোৱা হৈছিল যে চিবিএছচিৰ দশম শ্ৰেণীৰ বৰ্ডৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা ১৭ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ হ’ব পাৰে আৰু দ্বিতীয় পৰ্যায়ৰ ৫ ৰ পৰা ২০ মে’ৰ ভিতৰত অনুষ্ঠিত হ’ব।
উল্লেখ্য যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত পাঠ্যক্ৰম একে হ’ব আৰু ইয়াত সম্পূৰ্ণ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ’ব।ইয়াৰ লগতে যি সকলে ছাত্ৰ-ছাত্ৰীয়ে দুয়োটা পৰীক্ষা দিব তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰও একেটাই হ’ব।
যদি পৰীক্ষাৰ মাচুলৰ কথা কওঁ, তেন্তে দুয়োটা পৰীক্ষাৰ মাচুল পঞ্জীয়নৰ সময়ত জমা কৰিব লাগিব।
দ্বিতীয় পৰীক্ষাটোৰ জৰিয়তে চিবিএছইয়ে সেইসকল ছাত্ৰ-ছাত্ৰীক এটা সুযোগ দিব বিচাৰিছে যিসকলে পৰীক্ষাৰ পিছত এবাৰ ফলাফল উন্নত কৰিব বিচাৰে।
ফাইনেললৈ কোনটো নম্বৰ যাব?
যদি কোনো ছাত্ৰই বছৰৰ দুয়োটা পৰীক্ষাতে অৱতীৰ্ণ হয়, তেন্তে তেওঁলোকৰ সেইবোৰ নম্বৰ চূড়ান্ত বুলি ধৰা হ’ব,যিটো বেছি হ’ব।
যদি কোনোবাই প্ৰথম পৰীক্ষাত বেচি নম্বৰ আৰু দ্বিতীয় পৰীক্ষাত কম নম্বৰ পায় তেন্তে প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ নম্বৰক চূড়ান্ত বুলি ধৰিব।
কোন কোন ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয়বাৰৰ বাবে নাপাব সুযোগ?
ছাত্ৰ-ছাত্ৰীসকলে তিনিটা বিষয়ত নিজৰ প্ৰদৰ্শন উন্নত কৰিবলৈ অনুমতি পাব।যদি কোনো ছাত্ৰই প্ৰথম পৰীক্ষাত ৩টা বা তাতকৈ অধিক বিষয়ত অৱতীৰ্ণ হোৱা নাই, তেন্তে দ্বিতীয় পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ নাপাব।
লগতে পঢ়ক: দিল্লী চৰকাৰৰ ডাঙৰ পদক্ষেপ; নূন্যতম বয়সৰ পূৰ্বে নামৰ্ভতি কৰিবলৈ দিয়া নহ’ব প্ৰথম শ্ৰেণীত