ৰকিবুল হুছেইনক উপ নিৰ্বাচনৰ পৰা বাৰন কৰক : দাখিল কৰিলে স্মাৰক পত্ৰ
চামগুৰিত প্ৰতিদিনেই বৃদ্ধি পাইছে নিৰ্বাচনী হিংসা। শনিবাৰে নিশা চামগুৰিৰ মৰিপুঠি খাইতীত হোৱা বিজেপি কৰ্মীৰ আক্ৰমণৰ পিছতেই মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ৰূপক শৰ্মাই কৰিছে এটা দাবী। মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ৰূপক শৰ্মাই ৰকিবুল হুছেইনক নিৰ্বাচনৰ পৰা বাৰন কৰাৰ বাবে দাবী জনাইছে। মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ ৰিটাৰ্ণিং বিষয়াৰ হাতত দাখিল কৰিলে […]
২০২৫ চনত কোনে জি-২০ আয়োজন কৰিব ? ব্ৰাজিলত শীৰ্ষ সন্মিলন সমাপ্ত, কি কি বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল জানক
ব্ৰাজিলত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনখন যৌথ ঘোষণাপত্ৰ জাৰি কৰাৰ পিছতে সমাপ্ত বুলি ঘোষণা কৰা হৈছে । জি-২০ দেশৰ উপৰিও বহু অতিথি দেশৰ ৰাষ্ট্ৰপতিসকলেও এই সন্মিলনত অংশগ্ৰহণ কৰে । ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ব্ৰাজিলৰ ঘোষণাত ক্ষুধাৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বব্যাপী চুক্তি, যুদ্ধ বিধ্বস্ত গাজাৰ বাবে অধিক সাহায্য আৰু মধ্যপ্ৰাচ্য আৰু ইউক্ৰেইনত […]
ভাৰত আৰু চীনৰ মাজত পুনৰ আৰম্ভ হ’ব নেকি পোনপটীয়া বিমান সেৱা ? চীনৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ জয়শংকৰৰ
জি-২০ সন্মিলনৰ আঁৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ সৈতে বৈঠকত মিলিত হয়, য’ত এল এ চিৰ পৰা সৈন্য প্ৰত্যাহাৰৰ পিছত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক আগুৱাই নিয়াৰ উপায়ৰ বিষয়ে আলোচনা কৰা হয় । দুয়োখন দেশে পাঁচ বছৰৰ পাছত অতি সোনকালে সীমান্ত বিষয়ত বিশেষ প্ৰতিনিধিৰ বৈঠক আহ্বান কৰাৰ সিদ্ধান্ত লয় । দুয়োখন দেশে […]
সেউজ হাইড্ৰজেন আৰু নবীকৰণযোগ্য শক্তিৰ বাবে ভাৰত-অষ্ট্ৰেলিয়াৰ অংশীদাৰিত্ব আৰম্ভ, বিনিয়োগে লাভ কৰিব গতি
পশ্চিম আফ্ৰিকাৰ দেশসমূহলৈ পাঁচদিনীয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাখনো গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হয় । তেওঁৰ উপস্থিতিত, ভাৰত আৰু অষ্ট্ৰেলিয়াই আনুষ্ঠানিকভাৱে নৱীকৰণযোগ্য শক্তিৰ অংশীদাৰীত্ব আৰম্ভ কৰে । ইয়াৰ লক্ষ্য হৈছে নৱীকৰণযোগ্য শক্তি খণ্ডত দ্বিমুখী বিনিয়োগৰ প্ৰচাৰ কৰা । মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজৰ সৈতে এই বিষয়ত আলোচনা কৰে । প্ৰথম ভাৰত-অষ্ট্ৰেলিয়া […]
ব্ৰাজিল, চিলি আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, বহু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ৰিঅ’ ডি জেনেইৰ’ত ব্ৰাজিল, চিলি আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিসকলক সাক্ষাৎ কৰি প্ৰতিৰক্ষা, শক্তি, জৈৱ ইন্ধন আৰু কৃষি আদি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰে । নাইজেৰিয়া ভ্ৰমণ সম্পূৰ্ণ কৰি দেওবাৰে ইয়াত উপস্থিত হোৱা মোদীয়ে জি-২০ সন্মিলনৰ আঁৰত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা চিলভাৰ সৈতে আলোচনাত বহে আৰু জি-২০ৰ […]
ভাৰতীয় কোম্পানীৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞাঃ কি ক’লে বিদেশ মন্ত্ৰালয়ে ?
শেহতীয়াকৈ আমেৰিকাই কেইবাটাও ভাৰতীয় কোম্পানী আৰু নাগৰিকৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাৰ সন্দৰ্ভত শনিবাৰে (২ নৱেম্বৰ) বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে তেওঁলোকে সকলো সংশ্লিষ্ট বিভাগ আৰু সংস্থাৰ সৈতে কাম কৰি ভাৰতীয় কোম্পানীসমূহক ৰপ্তানি নিয়ন্ত্ৰণৰ বিধান সন্দৰ্ভত সংবেদনশীল কৰি তুলিছে । ভাৰতীয় কোম্পানীসমূহে কোনো ৰাষ্ট্ৰীয় আইন উলংঘা […]
হিজবুল্লাহে ইজৰাইলৰ ওপৰত ললে প্ৰতিশোধ , ভয়ংকৰ গুলীচালনাত ৬ জন সেনা নিহত
ইজৰাইলে ২০২৪ চনৰ ৮ অক্টোবৰত লেবাননৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।ইয়াৰ পিছতে আইডিএফে লেবাননৰ ওপৰত ভয়ংকৰ বিমান আক্ৰমণ আৰম্ভ কৰিছিল। য’ত হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰাল্লাহকো হত্যা কৰা হৈছিল। যাৰ পিছত হিজবুল্লাহ যোদ্ধাসকলে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰিছিল। এই যুদ্ধই ইতিমধ্যে অতি আক্ৰমণাত্মক ৰূপ লৈছে। ইজৰাইলে লেবাননত বিমান আক্ৰমণ চলাই আছে, আনহাতে হিজবুল্লাহই ইজৰাইলী অঞ্চলসমূহকো লক্ষ্য […]
কিয় পালন কৰা হৈছে গংগা উৎসৱ ? এই অনুষ্ঠানৰ মূল বৈশিষ্ট্যসমূহ কি কি ?
৪ নৱেম্বৰত হৰিদ্বাৰত গংগা উৎসৱ ২০২৪ৰ এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হ’ব । এই কাৰ্যসূচী ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযান (এন এম চি জি)ৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে । গংগা নদীক ‘ৰাষ্ট্ৰীয় নদী’ হিচাপে ঘোষণা কৰাৰ বৰ্ষপূৰ্তি উপলক্ষে ২০১৭ চনৰ পৰা প্ৰতি বছৰে গংগা উৎসৱৰ আয়োজন কৰা হয় । সমগ্ৰ দেশতে উদযাপন কৰা এই গংগা উৎসৱৰ অধীনত […]
ইণ্ডোনেছিয়াত পুনৰ আগ্নেয়গিৰি বিস্ফোৰণ, এক কিলোমিটাৰ পৰ্যন্ত বিয়পি পৰিল ছাই, ১১ মাহত ১,৭৩৮ বাৰ বিস্ফোৰণ মাউণ্ট ছেমেৰু
ইণ্ডোনেছিয়াৰ জাভাত অৱস্থিত ছেমেৰু আগ্নেয়গিৰি সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা ০৩:৩৫ বজাত পুনৰ বিস্ফোৰণ ঘটে । বিস্ফোৰণৰ ফলত শৃংগৰ পৰা এক কিলোমিটাৰ ওপৰলৈ ছাই বিয়পি পৰে । ছেমেৰু আগ্নেয়গিৰি পৰ্যবেক্ষণ চকীৰ এজন বিষয়াই জনোৱা মতে, এই বিস্ফোৰণটো ১২২ ছেকেণ্ডৰ আৰু উল্লেখযোগ্য সৰ্বোচ্চ প্ৰসাৰণৰ ভূমিকম্প গ্ৰাফৰ দ্বাৰা ৰেকৰ্ড কৰা হৈছে । ইয়াৰ পূৰ্বে স্থানীয় সময় অনুসৰি […]