বাংলাদেশত নিৰ্বাচন ঘোষণা
অৱশেষত ঘোষণা হ’ল বাংলাদেশৰ সাধাৰণ নিৰ্বাচন । মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে শুকুৰবাৰে ঘোষণা কৰে যে ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব । নিৰ্বাচন সন্দৰ্ভত অন্তৱৰ্তীকালীন চৰকাৰ আৰু সেনা প্ৰধানৰ মাজত সংঘাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল, তেতিয়া সেনা প্ৰধানে শীঘ্ৰে নিৰ্বাচন ঘোষণা কৰিবলৈ সকীয়াই দিছিল । এতিয়া প্ৰশ্ন হয় শ্বেখ হাছিনাই ভাৰতত থাকি বাংলাদেশত নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব নে নাই ।
ইউনুছ চৰকাৰে ঘোষণা কৰিলে নিৰ্বাচন-
২০২৪ বৰ্ষৰ আগষ্ট মাহত যেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদৰ পৰা অপসাৰণ কৰা হৈছিল, তেতিয়া অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিয়া মহম্মদ ইউনুছে ভোটাৰৰ নূন্যতম বয়স ১৭ বছৰলৈ হ্ৰাস কৰাৰ পৰামৰ্শ দিছিল । ইয়াৰ উপৰিও তেওঁ কৈছিল যে ২০২৫ চনৰ শেষৰ ফালে আৰু ২০২৬ চনৰ প্ৰথমাৰ্ধৰ ভিতৰত হয় নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে । কিন্তু অৱশেষত ইউনুছ চৰকাৰে সাধাৰণ নিৰ্বাচনৰ বাবে সময় ঘোষণা কৰিছে ।
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে শ্বেখ হাছিনাই-
বাংলাদেশৰ অভ্যুত্থানৰ পিছত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতলৈ পলায়ন কৰে । এতিয়া প্ৰশ্ন হয়, ভাৰতত থাকি শ্বেখ হাছিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে ? উত্তৰটো নোৱাৰে, কাৰণ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে আৱামী লীগ দলটোক আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰিছে । ইয়াৰ লগে লগে শ্বেখ হাছিনাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সপোন ছিন্নভিন্ন হৈ পৰিছে । মাত্ৰ যোৱা মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে তেওঁলোকে আৱামী লীগৰ পঞ্জীয়ন বাতিল কৰিছে । ইয়াৰ বাবে দলটোৱে এতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰে ।
কোনখন আইনৰ অধীনত নিষিদ্ধ কৰা হৈছিল দলটো-
বাংলাদেশে নতুনকৈ সংশোধিত সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত দেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামী লীগ আনুষ্ঠানিকভাৱে ভংগ কৰিছে । এই সন্দৰ্ভত গেজেট অধিসূচনাও জাৰি কৰা হয় ।
লগতে পঢ়ক : ‘শেষ হ’ল সকলো সম্পৰ্ক…,ডেম’ক্ৰেটক সমৰ্থন কৰিলে পৰিনাম হ’ব ভয়ংকৰ’; ইলন মাস্কক সকীয়নী ট্ৰাম্পৰ