ডেংগুত আক্ৰান্ত ইমৰান হাছমী
বলীউডৰ অভিনেতা ইমৰাণ হাছমী ডেংগুত আক্ৰান্ত হৈছে।জানিব পৰা মতে অভিনেতাগৰাকীয়ে তেওঁৰ পৰৱৰ্তী ছবিৰ শ্বুটিং কৰি আছিল আৰু ইয়াৰ মাজতে তেওঁ অসুস্থ হৈ পৰে।
মুম্বাইৰ গোৰেগাঁৱৰ আৰে কলনীত শ্বুটিং কৰি আছিল ইমৰান হাছমীয়ে।নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অভিনেতাগৰাকীয়ে শ্বুটিংৰ পৰা বিৰতি লৈছে।
ইমৰাণ হাছমীয়ে দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণৰ সৈতে পান ইণ্ডিয়া ছবি ‘OG’ৰ শ্বুটিং কৰি আছিল।এই সময়তে তেওঁৰ অসুস্থ হয়।
শ্বুটিঙৰ পৰা বিৰতি লৈছে ইমৰাণ হাছমীয়ে
জানিব পৰা মতে, ইমৰাণ হাছমীক চিকিৎসকে জিৰণি ল’বলৈ পৰামৰ্শ দিছে।ইমৰাণ এজন পেছাদাৰী ব্যক্তি আৰু ডেংগুত আক্ৰান্ত হোৱাৰ কথা তেওঁ লগে লগে মেকাৰসকলক অৱগত কৰে আৰু শ্বুটিং নকৰাৰ বাবে দুখ প্ৰকাশ কৰে।
মেকাৰসকলেও তেওঁৰ অৱস্থা বুজি পাই ইমৰান হাছমীক চিন্তা নকৰিবলৈ কোৱাৰ লগতে তেওঁৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিছে।বৰ্তমান অভিনেতা গৰাকী ঘৰতে আছে।
লগতে পঢ়ক: ‘মোক গুলীয়াই বংগভৱনত সমাধিস্থ কৰক…; শ্বেখ হাছিনাৰ বিস্ফোৰক মন্তব্য