বেলুচিস্তানৰ ৩৯টা ভিন্ন স্থানত সমন্বিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে । বি এল এই কিছু থানা দখল কৰি অঞ্চলটোৰ ডাঙৰ ডাঙৰ পথ অৱৰোধ কৰাৰ দাবী কৰিছে । বি এল এই এক প্ৰেছ বিবৃতি প্ৰকাশ কৰি কয় যে এই অভিযান এতিয়াও চলি আছে । তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট লক্ষ্য আছে যিবোৰ তেওঁলোকে লাভ কৰিব বিচাৰে ।
বি এল এৰ মুখপাত্ৰ জিয়ান্দ বেলোচে কয় যে সমন্বিত আক্ৰমণ সংঘটিত হোৱা ৩৯টা স্থানৰ ভিতৰত আছে আৰক্ষী থানা, সামৰিক কনভয় আৰু ডাঙৰ ঘাইপথৰ কাষৰ আন্তঃগাঁথনি আদি । বেলোচে কয় যে বি এল এয়ে কিছু থানা দখল কৰি অঞ্চলটোৰ ডাঙৰ ডাঙৰ পথ অৱৰোধ কৰিছে । এই আক্ৰমণ সন্দৰ্ভত অধিক তথ্য শীঘ্ৰে সংবাদ মাধ্যমক দিয়া হ’ব বুলিও তেওঁ কয় ।
বেলুচিস্তানত দীৰ্ঘদিনীয়া বিচ্ছিন্নতাবাদী আন্দোলন-
দৰাচলতে বেলুচিস্তানত বহুদিনৰ পৰাই স্বাধীনতাৰ দাবীত বিচ্ছিন্নতাবাদী আন্দোলন চলি আহিছে । বহু বছৰ ধৰি চলি থকা সংঘাতৰ বাবে ইয়াত বহু লোকৰ মৃত্যু হৈছে । ইয়াৰ উপৰিও এই সংঘাতৰ বাবে বহু লোক গৃহহাৰাও হৈছে । স্থানীয় সম্পদৰ ওপৰত স্বায়ত্তশাসন আৰু নিয়ন্ত্ৰণৰ দাবীৰ বাবে বি এল এৰ শেহতীয়া কাৰ্যকলাপে এই সংঘাতৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে ।
বি এল এই বিচাৰে বেলুচ জনসাধাৰণৰ স্বাধীনতা-
বেলুচ লিবাৰেশ্যন আৰ্মি (BLA) হৈছে পাকিস্তানৰ বেলুচিস্তানত ভিত্তি কৰি বেলুচ জনসাধাৰণৰ স্বাধীনতা বিচৰা এটা সশস্ত্ৰ বিচ্ছিন্নতাবাদী গোট । বি এল এৰ অভিযোগ যে পাকিস্তান চৰকাৰে বেলুচ জনসাধাৰণৰ লগত অন্যায় কৰিছে । তেওঁলোকক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে । তেওঁলোকৰ অঞ্চলৰ প্ৰাকৃতিক সম্পদ (যেনে গেছ আৰু খনিজ) শোষণ কৰা হৈছে । ইয়াৰ পৰা তেওঁলোকক কোনো সুবিধা দিয়া হোৱা নাই । অৰ্থনৈতিক শোষণ আৰু সামৰিক দমনক লৈ দীৰ্ঘদিনীয়া অভিযোগৰ প্ৰতি সঁহাৰি জনাই বি এল এৰ উন্মেষ ঘটিছে ।
বি এল এই এতিয়ালৈকে পাকিস্তানৰ নিৰাপত্তা বাহিনী, চৰকাৰী ভৱন আৰু উন্নয়নমূলক প্ৰকল্পৰ ওপৰত কেইবাটাও আক্ৰমণ চলাইছে । বি এল এই বিশেষভাৱে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চি পি ই চি)ৰ সৈতে জড়িত প্ৰকল্পসমূহক লক্ষ্য কৰি লৈছে, যিবোৰক সংগঠনটোৱে শোষণমূলক বুলি বিবেচনা কৰে ।