প্ৰাণৰক্ষা বিশ্বাস কুমাৰ ৰমেশৰ
আহমেদাবাদত এয়াৰ ইণ্ডিয়া ড্ৰিমলাইনাৰ VT-ANB বিমান দুৰ্ঘটনাটোত যেতিয়া চাৰিওদিশে কেৱল ধ্বংসাৱশেষ, জুই আৰু চিঞৰ শুনিবলৈ পোৱা গৈছিল, সেই সময়তে এক চমৎকাৰ হৈছিল।
এই ভয়ংকৰ বিমান দুৰ্ঘটনাটোত বিমানখনৰ 11 A নম্বৰৰ আসনত বহি থকা যাত্ৰী বিশ্বাস কুমাৰ ৰমেশ সৌভাগ্যক্ৰমে ৰক্ষা পৰে।তেওঁ সামান্য আঘাতপ্ৰাপ্ত হয়।
“যেতিয়া চকু মেলিলোঁ, সকলোতে মৃতদেহ আছিল… মোৰ ভয় লাগিছিল।মই থিয় হৈ মাত্ৰ দৌৰিবলৈ ধৰিলোঁ…” এই বৰ্মনা ৪০ বছৰীয়া ৰমেশ বিশ্বাস কুমাৰৰ।
বৃহস্পতিবাৰে আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত অলৌকিকভাৱে ৰক্ষা পৰে ৰমেশ।
ৰমেশে কৈছিল যে, “টেক অফৰ প্ৰায় ৩০ ছেকেণ্ডৰ পিছত তীব্ৰ শব্দ হৈছিল আৰু তাৰ পিছত বিমানখনে মাটিৰ সৈতে সংঘৰ্ষ কৰিছিল।সকলোবোৰ ইমানেই খৰকৈ হৈছিল যে বুজিবলৈও সুযোগ নাপালোঁ।”
আহমেদাবাদৰ আছাৰৱা অসামৰিক চিকিৎসালয়ৰ সাধাৰণ ৱাৰ্ডত সাংবাদিকসকলে যেতিয়া তেওঁৰ সৈতে কথা পাতিছিল তেতিয়া তেওঁ কঁপি থকা শব্দৰে দুৰ্ঘটনাস্থলীৰ বৰ্ণনা কৰিছিল।
ৰমেশ বিশ্বাস কুমাৰ ব্ৰিটিছ নাগৰিক আৰু যোৱা কেইদিনমানৰ পৰা পৰিয়ালক লগ কৰিবলৈ ভাৰতলৈ আহিছিল।তেওঁৰ ভাতৃ অজয় কুমাৰ ৰমেশ (৪৫)ৰ সৈতে লণ্ডনলৈ বিমানখনত যাত্ৰা আৰম্ভ কৰিছিল।
কিন্তু এতিয়া অজয়ৰ কোনো লেখ-জোখ নাই।ৰমেশ কুমাৰ বিশ্বাছে কয়- “আমি দ্বীপলৈ ফুৰিবলৈ গ’লোঁ৷ অজয় মোৰ লগত আছিল যদিও বিমানখনৰ বেলেগ চিটত বহি আছিল। এতিয়া তেওঁৰ অৱস্থা জানিব পৰা হোৱা নাই। অনুগ্ৰহ কৰি মোক সহায় কৰক”।
লগতে পঢ়ক: শীঘ্ৰেই ভাৰতত মুকলি হ’ব Starlink; কিমান টকা কৰিব লাগিব খৰচ