মেঘালয়ৰ মুখ্যমন্ত্ৰীক উচিত তদন্তৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ
শ্বিলঙলৈ ফুৰিবলৈ গৈ অকাল মৃত্যুক সাৱতি লোৱা নম্ৰতা বৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ৪ জুনত সংঘটিত হোৱা এক দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু হোৱা নুমলীগড়ৰ মেধাৱী যুৱতীগৰাকীৰ পৰিয়ালে এই ঘটনাক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে । আন চাৰিজন বন্ধুৰ সৈতে ফুৰিবলৈ যোৱা নম্ৰতা মেঘালয়ৰ ৰিভয় জিলাত হোৱা এক দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু হয় । এই ঘটনাৰ সৈতে এ আই ইউ ডি এফৰ এজন বিধায়কৰ পুত্ৰৰ নামো সাঙোৰ খাইছে । ইতিমধ্যে নম্ৰতাৰ পৰিয়ালৰ লোকে দিছপুৰ থানাত এজাহাৰ দাখিল কৰি ঘটনাৰ উচিত তদন্ত তথা ন্যায় দাবী কৰিছে ।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক এই ঘটনাৰ গোচৰৰ ন্যায্য আৰু বিশদ তদন্তৰ বাবে আহ্বান জনাইছে । ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে যে ‘মই মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমাক অনুৰোধ জনাইছো যে যোৱা ৪ জুন বুধবাৰে পুৱা নাংপো থানা এলেকাত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ ঘটনাটোত দৃষ্টি দিয়ক ।’
তেওঁ আৰু কয়, ‘অসমৰ পঞ্জীয়নভুক্ত বাহন AS 01 EV 9578ৰ সৈতে হোৱা এক দুৰ্ঘটনা নম্ৰতা বৰা নামৰ এগৰাকী যুৱতীৰ অকাল মৃত্যু হয় । একে সময়তে আন চাৰিজন লোক সামান্য আঘাতপ্ৰাপ্ত হৈছে । ঘটনা সন্দৰ্ভত মৃত যুৱতীগৰাকীৰ আত্মীয়ই সন্দেহ প্ৰকাশ কৰিছে । এনে পৰিস্থিতিত মোৰ আবেদন যে সকলো তথ্য সঠিকভাৱে তদন্ত হোৱাটো নিশ্চিত কৰিবলৈ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই নিৰপেক্ষভাৱে এই কাণ্ডৰ তদন্ত কৰক ।’ ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়েও ন্যায্য তদন্তৰ আশ্বাস দিয়ে ।
লগতে পঢ়ক : হঠাৎ অসুস্থ জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী; ছিমলাৰ আই জি এম চি চিকিৎসালয়ত ভৰ্তি