ক্ষোভিত আছাদুদ্দিন ওৱেইছি
ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত আমেৰিকাই এতিয়া পোনপটীয়াকৈ জপিয়াই পৰিছে আৰু ইৰাণৰ তিনিটা প্ৰধান পাৰমাণৱিক স্থান ফৰডো, নাটাঞ্জ আৰু ইছফাহানত দেওবাৰে পুৱা আক্ৰমণ চলাই।
ইয়াৰ বাবেই আমেৰিকাই সমগ্ৰ বিশ্বতে বিৰোধিতাৰ সন্মুখীন হৈছে।ৰাষ্ট্ৰসংঘ, চীন, জাপান, পাকিস্তানকে ধৰি অধিকাংশ দেশেই এই আক্ৰমণক গৰিহণা দিছে।
এই সন্দৰ্ভত AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়েও আমেৰিকাৰ আক্ৰমণক আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা বুলি অভিহিত কৰিছে। পাকিস্তানক সমালোচনাও কৰিছে।
ওৱেইছিয়ে কয় যে, ইৰাণত পাৰমাণৱিক অস্ত্ৰ থকাৰ ভয়টো ইচ্ছাকৃতভাৱে বিয়পোৱা হৈছে। ইৰাক আৰু লিবিয়াৰ বিষয়েও একেই কথা কোৱা হৈছিল যদিও তাৰ পৰা একো ওলোৱা নাছিল।
এতিয়া ইৰাণৰ ক্ষেত্ৰতো একেই কাহিনী পুনৰাবৃত্তি হৈছে। ওৱেইচিয়ে কয়, ‘আমেৰিকাৰ নীতি কেৱল ইজৰাইলৰ অপৰাধ লুকুৱাই ৰখা।
গাজাত যি হৈ আছে সেয়া গণহত্যা আৰু কোনেও ইয়াৰ কথা কোৱা নাই।ইজৰাইলৰ হাতত কিমান পাৰমাণৱিক মজুত আছে কোনেও কিয় সুধিব পৰা নাই?’
ইৰাণৰ এই তিনি-চাৰিটা ঠাইত আমেৰিকাই আক্ৰমণ কৰিলেই তেওঁলোক বন্ধ নহ’ব৷ মোৰ কথাত গুৰুত্ব দিয়ক, আনকি ইৰাণেও অহা ৫ৰ পৰা ১০ বছৰত এই কাম কৰিব, আন দেশসমূহেও একে কাম কৰিব কাৰণ তেওঁলোকে এতিয়া উপলব্ধি কৰিছে যে ইজৰাইলৰ আধিপত্যৰ বিৰুদ্ধে পাৰমাণৱিক বোমা আৰু পাৰমাণৱিক অস্ত্ৰ থকাটোৱেই একমাত্ৰ সমাধান।
ওৱেইছিয়ে লগতে কয় যে, ‘এই মানুহজনে (ইজৰাইলৰ প্ৰধানমন্ত্ৰী) পশ্চিম পাৰ আৰু গাজাত পেলেষ্টাইনীসকলৰ গণহত্যা আৰু জাতিগত শোধন সংঘটিত কৰি আছে।ইতিহাসে তেওঁক পেলেষ্টাইনীৰ হত্যা কৰা মানুহ হিচাপে মনত ৰাখিব।
পাকিস্তানক সমালোচনা
আছাদুদ্দিন ওৱেইছিয়ে পাকিস্তানক সমালোচনা কৰি কয় যে, ‘এতিয়া পাকিস্তানক সুধিব যে তেওঁলোকে ড’নাল্ড ট্ৰাম্পক শান্তি নোবেল বঁটাৰ বাবে মনোনীত কৰিব বিচাৰে নেকি?
এই কাৰণেই নেকি তেওঁলোকৰ জেনেৰেল (পাকিস্তানী ফিল্ড মাৰ্শ্বাল অসীম মুনিৰে) ট্ৰাম্পৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল? কালি পাকিস্তানে কৈছিল যে ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়াৰ পৰামৰ্শ দিব।
তেওঁ কয় যে যোৱা মাহত ভাৰত-পাকিস্তান সংঘাতৰ সময়ত (পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত) হস্তক্ষেপ কৰি ট্ৰাম্পে শান্তি প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।
লগতে পঢ়ক: ইৰানৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ; কেইবাটাও বিষয়ত আলোচনা