অপাৰেচন সিন্দুৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । এই অভিযানৰ বিষয়ে তেওঁ ৰাষ্ট্ৰপতিক অৱগত কৰে । আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকৰ সময়ত যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে অমিত শ্বাহে নিৰাপত্তাৰ বুজ লয় । ইফালে কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠকৰো আহ্বান কৰিছে ।
ভাৰতীয় সেনাই মঙলবাৰ আৰু বুধবাৰে নিশা পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰে । এই আক্ৰমণত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰা হয় । ইয়াৰ পিছতে এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় । ইয়াত জম্মু-কাশ্মীৰ, পঞ্জাৱ, ৰাজস্থান, গুজৰাট, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ছিকিম, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু লাডাখ আৰু জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰসকল উপস্থিত আছে ।
অপাৰেচন সিন্দুৰৰ অধীনত ৯টা সন্ত্ৰাসবাদী স্থান ধ্বংস-
উল্লেখ্য যে, পাকিস্তানৰ উচিত প্ৰত্যুত্তৰ দিছে ভাৰতে । পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ভাৰতীয় সেনাই ধ্বংস কৰিছে । মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী মাছুদ আজহাৰে এই অভিযানত বিপুল লোকচানৰ সন্মুখীন হৈছে । কুখ্যাত সন্ত্ৰাসবাদীটোৰ পৰিয়ালৰ ১৪ জন সদস্যৰ মৃত্যু হৈছে । অপাৰেচন সিন্দুৰৰ সময়ত সেনাই কেৱল সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানকহে লক্ষ্য কৰি লৈছিল; পাকিস্তানী সেনাক কোনো ধৰণে লক্ষ্য কৰি লোৱা নাছিল বুলি ইতিমধ্যে বিবৃতি প্ৰকাশ কৰিছে ।
ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ-
বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰদান কৰে । ইয়াৰ পূৰ্বে পুৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে চি চি এছৰ বৈঠক অনুষ্ঠিত কৰে । ইয়াৰ পিছতে তেওঁ কেবিনেট বৈঠকতো অংশ লয় । ইয়াত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত আছিল ।