ৰাজ্যসভাত গৰজি উঠিল অমিত শ্বাহ
ৰাজ্যসভাত ‘অপাৰেচন সেন্দুৰ’ সন্দৰ্ভত আলোচনাৰ সময়ত তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।
এই বিতৰ্কত শ্বাহে কংগ্ৰেছ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।বুধবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমক সমালোচনা কৰি কয়, ‘হিন্দু কেতিয়াও সন্ত্ৰাসবাদী হ’ব নোৱাৰে’।
তেওঁ প্ৰাক্তন গৃহমন্ত্ৰী চিদাম্বৰমক কয় যে, ‘হিন্দু সন্ত্ৰাসবাদ শব্দটো কোনে উদ্ভাৱন কৰিছিল?’ তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে তেওঁলোকে ভোট বেংকৰ ৰাজনীতিৰ বাবে হিন্দুসকলক বদনাম কৰিবলৈ চেষ্টা কৰিছিল।
শ্বাহে কয় যে, এইটো বহুত গুৰুত্বৰ কথা যে এটা বিশেষ ধৰ্মক সন্ত্ৰাসবাদৰ সৈতে সংযোগ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।
তেওঁ জোৰ দি কয় যে হিন্দু সংস্কৃতি শান্তি আৰু সহনশীলতাৰ প্ৰতীক, আৰু ইয়াক সন্ত্ৰাসবাদৰ সৈতে সংযোগ কৰাটো সম্পূৰ্ণ ভুল।
ইফালে, ২২ এপ্ৰিলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত চিদাম্বৰমে কৰা সমালোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘চিদাম্বৰমে মোৰ পদত্যাগ দাবী কৰি ভাৰত চৰকাৰৰ অপাৰেচন সেন্দুৰক লৈ প্ৰশ্ন উত্থাপন কৰে।
তেওঁ বাৰে বাৰে প্ৰমাণ দি প্ৰত্যাহ্বান জনায় যে, পহলগাম আক্ৰমণৰ সৈতে জড়িতসকল পাকিস্তানী সন্ত্ৰাসবাদী আছিল।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,’আজি মই তেওঁক সুধিব বিচাৰিছো যে তেওঁ কাক বচাবলৈ চেষ্টা কৰিছিল? পাকিস্তানক? লস্কৰ-ই-তৈবাক? নে সন্ত্ৰাসবাদীক? আপোনাৰ এই কথাক লৈ লাজ লগা নাই নে? কিন্তু ঈশ্বৰৰ অনুগ্ৰহত, যিদিনা তেওঁ এই প্ৰশ্নবোৰ উত্থাপন কৰিছিল, সেইদিনাই তিনিওজন সন্ত্ৰাসবাদী নিহত হয়।
শ্বাহে কংগ্ৰেছৰ ওপৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰে।তেওঁ কয় যে, ‘সন্ত্ৰাসবাদৰ বিষয়ে বিজেপিক প্ৰশ্ন কৰাৰ কোনো অধিকাৰ কংগ্ৰেছৰ নাই।’
লগতে পঢ়ক: “তেওঁলোকে গুলিয়াই থাকিল, আমি বিৰিয়ানী খুৱাই থাকিলো”; কংগ্ৰেছক তীক্ষ্ণ সমালোচনা জে পি নড্ডাৰ