তিনি ভাৰতীয়ক অপহৰণ আল কায়দাৰ
মঙলবাৰে পশ্চিম আফ্ৰিকাৰ দেশ মালিত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত তিনিগৰাকী ভাৰতীয় নাগৰিক অপহৃত হয় । ভাৰত চৰকাৰে এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি মালি চৰকাৰক অপহৃতৰ তৎকালীন আৰু নিৰাপদ মুক্তি নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায় ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি ১ জুলাইত মালিৰ কায়েছত থকা ডাইমণ্ড চিমেণ্ট ফেক্টৰীত একাংশ সশস্ত্ৰ আক্ৰমণকাৰীয়ে আক্ৰমণ কৰি তাত কৰ্মৰত তিনিজন ভাৰতীয় নাগৰিকক অপহৰণ কৰে । আল কায়দাৰ সৈতে জড়িত এটা সংগঠনে ইয়াৰ দায়িত্ব স্বীকাৰ কৰে ।
আল কায়দাৰ সৈতে জড়িত সংগঠন ‘জামাত নুছৰত আল ইছলাম ৱাল মুছলিমীন’ (JNIM)-এ মালিত এই অপহৰণ আৰু অন্যান্য আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে মালিৰ ৰাজধানী বামাকোত থকা ভাৰতীয় দূতাবাস স্থানীয় প্ৰশাসন, আইন প্ৰয়োগকাৰী সংস্থা আৰু চিমেণ্ট কাৰখানা পৰিচালনাৰ সৈতে অহৰহ যোগাযোগত আছে । লগতে অপহৃত ভাৰতীয়ৰ পৰিয়ালকো প্ৰতিটো পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছে ।
বৈদেশিক মন্ত্ৰালয়ৰ আবেদন-
এই ঘটনাক ‘অতি নিন্দনীয় হিংসাত্মক কাৰ্য’ বুলি অভিহিত কৰি ভাৰতীয় নাগৰিকৰ আগতীয়া আৰু নিৰাপদে উভতি অহাৰ বাবে সকলো প্ৰচেষ্টা চলাবলৈ মালি চৰকাৰক আহ্বান জনাইছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতীয়সকলক সকলো ধৰণৰ সহায় আগবঢ়াব আৰু “ভাৰতীয় নাগৰিকসকলক অতি সোনকালে নিৰাপদে ঘূৰাই অনাটো নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ” ।
মালিত বসবাস কৰা আন ভাৰতীয়সকলকো সজাগ হৈ থাকিবলৈ, সাৱধানতা অৱলম্বন কৰিবলৈ আৰু দূতাবাসৰ সৈতে নিয়মীয়াকৈ সংস্পৰ্শত থাকিবলৈ পৰামৰ্শ দিছে চৰকাৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পুনৰ কয় যে বহিঃৰাষ্ট্ৰত থকা ভাৰতীয়সকলৰ সুৰক্ষা আৰু মংগল ভাৰত চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ ।
লগতে পঢ়ক : ঘানাৰ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদী; গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ দুয়ো দেশৰ