মৌনতা ভংগ অক্ষয় কুমাৰৰ
হেৰা ফেৰী ৩ক লৈ বিতৰ্ক আৰু গভীৰ হৈ পৰিছে । এই বিতৰ্কৰ ফলত কেৱল অক্ষয় কুমাৰ আৰু পৰেশ ৰাৱালৰ মাজৰ দূৰত্ব বৃদ্ধি হোৱাই নহয় বিষয়টো আদালতো পাইছেগৈ । শেহতীয়াকৈ অক্ষয়ৰ হাউচফুল ৫ৰ ট্ৰেইলাৰ মুকলি কৰা হয়, য’ত অভিনেতাজনে এই সমগ্ৰ বিষয়টোক লৈ নিজৰ মৌনতা ভংগ কৰিছে । যদিও অক্ষয়ে স্পষ্টকৈ একো কোৱা নাছিল, তথাপিও তেওঁ কৈছিল যে বিষয়টো অতি গুৰুতৰ হৈ পৰিছে ।
পৰেশ ৰাৱালৰ সৈতে হোৱা এই বিবাদৰ সমাধান আদালততহে পোৱা যাব বুলি অভিনেতাগৰাকীয়ে নিজৰ কথাৰ জৰিয়তে প্ৰকাশ কৰে । এতিয়া পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত আলোচনাৰ কোনো পৰিসৰ নাই । তেওঁৰ মুখত বিষাদৰ ছাপ স্পষ্টকৈ দেখা যায় ।
আঘাত পালে অক্ষয়-
ট্ৰেইলাৰ মুকলি অনুষ্ঠানত অক্ষয় কুমাৰ এ কয়- মোৰ সহ অভিনেতাৰ বাবে কোনো মূৰ্খামিৰ কথা আশা নকৰো বা ভাল নাপাওঁ । এইটো ঠিক নহয় । ৩২ বছৰ ধৰি তেওঁৰ সৈতে কাম কৰিছো । আমি বহু ভাল বন্ধু হৈ আহিছো । বৰ ভাল অভিনেতা । মই তেওঁ বহুত ভাল পাওঁ । যিয়েই নহওক, এই বিষয়ে কথা কোৱাৰ ঠাই এইখন বুলি মই নাভাবো । যি হৈছে সেয়া অতি গুৰুতৰ বিষয়, কেৱল আদালতত চম্ভালিব লাগে । সেইটোৱেই সঠিক ঠাই । গতিকে এই বিষয়ে আৰু একো কোৱাৰ প্ৰয়োজন নাই বুলি মই ভাবো ।
হেৰা ফেৰীক লৈ বিতৰ্ক-
উল্লেখ্য যে, প্ৰমো শ্বুট হোৱাৰ পিছতে পৰেশ ৰাৱাল হেৰা ফেৰী ৩ৰ পৰা ওলাই গৈছিল । চুক্তিৰ ধনো লৈ গৈছিল । কোৱা হৈছিল যে তেওঁ ২৫ কোটি টকাৰ মাচুল আৰু ছবিখনৰ লাভৰ ভাগৰ অংশ বিচাৰিছিল । কিন্তু তেওঁৰ দাবী পূৰণ নহ’ল । ইয়াৰ পিছত অক্ষয়ে তেওঁৰ বিৰুদ্ধে ২৫ কোটি টকাৰ গোচৰ ৰুজু কৰে । অভিনেতাগৰাকীৰ মতে, পৰেশে অৱগত নকৰাকৈ হঠাতে ওলাই অহাৰ ফলত তেওঁৰ বৃহৎ লোকচান হৈছে । পৰিচালক প্ৰিয়াদৰ্শনেও প্ৰকাশ কৰে যে পৰেশৰ প্ৰস্থানৰ পিছত অক্ষয় কুমাৰ অত্যন্ত আৱেগিক হৈ পৰিছিল ।
খবৰ অনুসৰি পৰেশে হেৰা ফেৰী ৩ এৰি যোৱাৰ কথা দলটোক অৱগত কৰা নাছিল, তেওঁ ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে এই কথা ঘোষণা কৰিছিল । বিষয়টো আদালতলৈ যোৱাৰ পাছত পৰেশে কোনো আনুষ্ঠানিক বক্তব্য নিদিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে ‘মোৰ অধিবক্তা অমিত নাইকে ছবিখনৰ পৰা মোৰ প্ৰস্থান সন্দৰ্ভত সঠিক উত্তৰ প্ৰেৰণ কৰিছে । মোৰ উত্তৰ পঢ়িলেই সকলো সমস্যা সমাধান হ’ব ।’ একে সময়তে অভিনেতাগৰাকীয়ে মাচুলৰ বাবে ছবিখনৰ পৰা পিছুৱাই যোৱা বুলিও কিছু খবৰ আহিছিল । কোৱা হৈছে যে তেওঁ নিজৰ স্বাক্ষৰিত ধনৰ ১১ লাখ টকাও ১৫% সুতৰে ঘূৰাই দিছে ।
লগতে পঢ়ক : ‘বাবু ৰাও অবিহনে হেৰা ফেৰি ৩ অসম্ভৱ’; পৰেশ ৰাৱালক লৈ সুনীল শেট্টীৰ প্ৰতিক্ৰিয়া