অজয় দেৱগানে কৰিলে ঘোষণা
অপেক্ষাৰ অন্ত।অৱশেষত বলীউডৰ অভিনেতা অজয় দেৱগানে ‘ছন অৱ চৰ্দাৰ ২’ৰ মুক্তিৰ তাৰিখক লৈ পৰ্দা আঁতৰালে।
অজয়ে দেৱগানে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ছবিখনৰ প্ৰথমখন পোষ্টাৰ শ্বেয়াৰ কৰে আৰু কয় যে ছবিখনে শীঘ্ৰেই ছবিগৃহত ভুমুকি মাৰিব।
এই পোষ্টাৰখনে অনুৰাগীক আনন্দিত কৰিছে। অজয়ে দেৱগানে দিয়া পোষ্টোত এতিয়া ছবিখনৰ ট্ৰেইলাৰ শীঘ্ৰে মুক্তি দিবলৈ দাবী উত্থাপন কৰিছে।
মুক্তিৰ ১৩ বছৰৰ পাছত পুনৰ আহি আছে ছন অৱ চৰ্দাৰ ছবিখনৰ ছিকুৱেল।একে সময়তে চৰ্দাৰৰ চৰিত্ৰত অভিনয় কৰি ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে অজয় দেৱগন।

পোষ্টাৰখনত অজয় দেৱগানে দুখন ৱাৰ টেংকত ভৰি থৈ থিয় হৈ আছে আৰু হালধীয়া পাগুৰি পিন্ধি থকা দেখিবলৈ পোৱা গৈছে।
অজয়ৰ অনুৰাগীসকলে চৰ্দাৰৰ এই লুকটো বহুত ভাল পাইছে।পোষ্টাৰখন শ্বেয়াৰ কৰি অভিনেতা গৰাকীয়ে লিখিছে যে, “চৰ্দাৰ উভতি আহিছে, ‘ছন অৱ চৰ্দাৰ ২’ ২৫ জুলাইত আপোনাৰ ওচৰৰ ছবিগৃহত মুক্তিলাভ কৰিব।
বিজয় কুমাৰ অৰোৰাৰ দ্বাৰা পৰিচালিত ছবিখন প্ৰায় ১২ বছৰৰ মূৰত আহিছে। ছবিখনৰ বাবে দৰ্শকসকলে এতিয়া অধিৰ আগ্ৰহেৰে বাট চাই আছে।
লগতে পঢ়ক: আমিৰ খানে নাকচ কৰিলে ১২০ কোটি টকাৰ OTT চুক্তি; ‘সিতাৰে জমিন পাৰ’ শ্ব’ৰসময় নিৰ্ধাৰণ