AI এ বৃদ্ধি কৰিছে GenZ ৰ চিন্তা
AI ৰ বাবে দিনক দিনে মানুহৰ মাজত চিন্তা বাঢ়িছে।এফালে এআইৰ বাবে বহু কাম সহজ হৈ পৰিছে।আনহাতে, এআইৰ বাবে লাখ লাখ মানুহে চাকৰি হেৰুৱাবলগীয়া হৈছে।
যিসকল লোকে এতিয়া কাম কৰি আছে আৰু যিসকলে ভৱিষ্যতে কাম আৰম্ভ কৰিবলৈ ওলাইছে তেওঁলোকৰ মনত এই ভয় আছে যে যিকোনো সময়তে AI এ তেওঁলোকৰ ঠাই ল’ব পাৰে।এআইৰ ভয়ত পঢ়া-শুনা বাদ দিছে এগৰাকী আমেৰিকান ছাত্ৰীয়ে।
আমেৰিকাৰ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি)ৰ এগৰাকী ছাত্ৰী এ আইৰ ভয়ত পঢ়া-শুনা এৰিছে।
ছাত্ৰী গৰাকীয়ে ভয় খাইছিল যে এজিআই অৰ্থাৎ কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তাৰ আগমনৰ পিছত পঢ়া-শুনা অৰ্থহীন হৈ পৰিব।এলিছ ব্লেয়াৰ নামৰ ছাত্ৰী গৰাকীয়ে ২০২৩ চনত এম আই টিত নামভৰ্তি কৰিছিল।
ছাত্ৰী গৰাকীয়ে কয় যে এতিয়া আৰু কলেজ সম্পূৰ্ণ কৰি লাভ নাই।এজিআইয়ে অতি সোনকালে মানুহৰ দৰে চিন্তা কৰিবলৈ আৰম্ভ কৰিব।
ডিগ্ৰী সম্পূৰ্ণ কৰাৰ সময়লৈকে হয়তো তেওঁ জীয়াই নাথাকিব পাৰে বুলিও ছাত্ৰীগৰাকীয়ে ভয় খাইছিল।এআইৰ বাবে মানৱতা বিলুপ্ত হোৱাৰ ভয় এলিছ ব্লেয়াৰৰ।
বৰ্তমান এলিছ ব্লেয়াৰে চেণ্টাৰ ফৰ এ আই ছেফটি নামৰ এটা অলাভজনক সংস্থাত টেক ৰাইটাৰ হিচাপে কাম কৰি আছে।ছাত্ৰীগৰাকীয়ে কয় যে এতিয়া কেম্পাছলৈ ঘূৰি অহাৰ কোনো উদ্দেশ্য নাই।
এআইৰ আবিৰ্ভাৱৰ পৰাই বহু ছাত্ৰ-ছাত্ৰীৰ মাজত এই ধৰণৰ ভয় গঢ় লৈ উঠিছে।অনাগত দিনত ছুপাৰ ইনটেলিজেন্স ব্যৱস্থা বিশ্বৰ বাবে ডাঙৰ ভাবুকি হৈ পৰিব পাৰে।