য়েমেনৰ উপকুলত নাও ডুবি ৬৮ জনৰ মৃত্যু
য়েমেনৰ আবিয়ান প্ৰদেশৰ উপকূলত দেওবাৰে এক শোকাৱহ ঘটনা সংঘটিত হৈছে।ইয়াত প্ৰব্ৰজনকাৰীৰে ভৰা এখন নাও ডুব যায়।
নাওখনত ১৫৪ জন লোকৰ আছিল আৰু ইয়াৰে ৬৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৭৪ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।
জানিব পৰা মতে, নাওখনত থকা আটাইকেইজন প্ৰব্ৰজনকাৰী ইথিওপিয়াৰ, যিসকলে কৰ্মসংস্থাপনৰ সন্ধানত ছৌদি আৰবলৈ ৰাওনা হৈছিল।
দেওবাৰে পুৱতি নিশা বতৰৰ অৱনতি ঘটাৰ ফলত এডেন উপসাগৰত থকা এই নাওখন ডুবি যায়।দুৰ্ঘটনাৰ পিছত এতিয়ালৈকে মাত্ৰ ১০ জন লোককহে উদ্ধাৰ কৰা হৈছে। য’ত আছে ৯ জন ইথিওপিয়ান আৰু এজন য়েমেনৰ নাগৰিক।
আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাই এই ঘটনাক শেহতীয়া বছৰবোৰৰ অন্যতম ভয়াৱহ ট্ৰেজেডী বুলি অভিহিত কৰিছে।উদ্ধাৰকাৰী দলে মৃতদেহ আৰু সম্ভাৱ্য জীৱিত লোকৰ সন্ধানত অহৰহ অভিযান চলাই আছে।
আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাই এই দুৰ্ঘটনাক হৃদয়বিদাৰক বুলি অভিহিত কৰি কয় যে ইয়াৰে বহু লোক ইথিওপিয়াৰ নাগৰিক
IOM য়েমেনৰ মুৰব্বী আব্দুছাটৰ আছ’ভে জনাইছে যে খানফৰ অঞ্চলৰ উপকূলত ৫৪ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃতদেহ উদ্ধাৰ হৈছে।
এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে। গভীৰ নিশালৈকে উদ্ধাৰ অভিযান অব্যাহত আছিল ।বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: শোকাৱহ; বিহাৰত বিদ্যুৎস্পৃষ্ট হৈ ব’ল বমলৈ যোৱা ৫ জনৰ মৃত্যু