দেওবাৰ অনুষ্ঠিত হ’ব ADREচতুৰ্থ বৰ্গৰ পৰীক্ষা। ADREৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা সংক্ৰান্তত আহিছে বহু গুৰুত্বপূৰ্ণ নিয়ম । বামুণীমৈদামৰ ASSEBৰ কাৰ্যালয়ত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে এক সংবাদমেল যোগে ঘোষণা কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। দেওবাৰে ৰাজ্য চৰকাৰৰ ৪২ টা বিভাগত ৫,০২৩ টা পদৰ বাবে অনুষ্ঠিত হ’ব ADRৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা।২৮ খন জিলাত অনুষ্ঠিত হ’ব পৰীক্ষা।সৰ্বমুঠ ১৩,৭৯,১৩২ পৰীক্ষাৰ্থীয়ে আবেদন কৰিছে চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে। এইবাৰ পৰীক্ষাত থাকিব দুখনকৈ প্ৰশ্নকাকত ।PAPER 1 ৰ বাবে HSLC উত্তীৰ্ণ ৮,২৭,১৩০ গৰাকী আৰু PAPER 2 ৰ বাবে অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ ৫,৫২,০০২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। PAPER 1ৰ পৰীক্ষা পুৱা ৯ -১১:৩০ বজালৈ অনুষ্ঠিত হ’ব আৰু PAPER 2ৰ পৰীক্ষা দুপৰীয়া ১:৩০-৪ বজালৈ অনুষ্ঠিত হ’ব। নিগেটিভ মাৰ্কিং থকাৰ বাবে অতিৰিক্তভাৱে বঢ়াই দিয়া হৈছে আধা ঘণ্টা সময়।পৰীক্ষাৰ্থীসকল অহা-যোৱাৰ বাবেও ব্যৱস্থা কৰা হৈছে বিশেষ ৰে’লৰ। প্ৰায় ১ লাখ চৰকাৰী বিষয়া-কৰ্মচাৰী নিয়োগ হ’ব এই পৰীক্ষাত। প্ৰতিটো কেন্দ্ৰত ২০-৩০ জনকৈ আৰক্ষী নিয়োগ কৰা হ’ব।পৰীক্ষাৰ নিয়ম উলংঘা বা বিপথে পৰিচালিত কৰাৰ চেষ্টা চলালে লোৱা হ’ব আইনী ব্যৱস্থা ।পৰীক্ষাৰ অন্তত প্ৰশ্নকাকত লৈ যাব পাৰিব পৰীক্ষাৰ্থীয়ে পৰীক্ষা শেষ হোৱাৰ পিছতে ৱেবচাইটত OMR Sheet আৰু উত্তৰসমূহ আপলোড কৰা হ’ব। দেওবাৰ অনুষ্ঠিত হ’ব লগীয়া ADREচতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তনৰ কৰা হ’ব নে নাই সেয়া এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই।