ৰাতিপুৱা সাৰ পোৱাৰ পিছত ভোক অনুভৱ কৰিলেহে খাব লাগে, কিন্তু এই খাদ্য দিনটোৰ আটাইতকৈ পুষ্টিকৰ আৰু স্বাস্থ্যকৰ খাদ্য হ’ব লাগে।কিছুমান মানুহে ব্ৰেকফাষ্টত ভজা খাদ্য বা অত্যধিক মিঠা খাদ্য খায়।
ৰাতিপুৱা এনে খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। যদি আপুনি স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট কৰিব বিচাৰে তেন্তে এটা ৰেচিপি জানো আহক যিটো মিনিটতে প্ৰস্তুত কৰিব পাৰি।
যিটো কেৱল গাখীৰত দি প্ৰস্তুত কৰিব পাৰি। কিছুদিন অবিৰতভাৱে এই ব্ৰেকফাষ্ট খালে শৰীৰৰ দুৰ্বলতা দূৰ কৰিব পৰা যায়। ইয়াক কেনেকৈ প্ৰস্তুত কৰিব লাগে জানো আহক।
এই কেৰাহীত ১ গিলাচ গাখীৰ দি উতলিবলৈ দিব। তাত ২-৩ টা আঞ্জীৰৰ টুকুৰা ভাঙি দিব।৮টা কিচমিচৰ পৰা গুটিবোৰ উলিয়াই গাখীৰখিনিত দিব।এতিয়া তাত ২ টা খেজুৰ দি উতলিবলৈ দিব।এমুঠি মাখানা দিব।
ইচ্ছা কৰিলে অনৰোষ্টেড মাখানাও দিব পাৰে।আটাইবোৰ ভালদৰে উতলোৱাৰ পিছত গেছটো বন্ধ কৰি দিব।যেতিয়া গাখীৰখিনি অলপ ঠাণ্ডা হ’ব তাত এমুঠি কৰ্ণফ্লেক দিব।ইচ্ছা কৰিলে উতলাই থাকোঁতে ওটচ বা দালিয়া এমুঠিও দিব পাৰে।
ইয়াত কোনোবাদিনা কিচমিচ, তিয়াই থোৱা আলমণ্ড আৰু আখৰোট, কাজু বাদাম, খেজুৰ আৰু পিষ্টা দি খাব পাৰে।
এতিয়া সকলো অলপ ঠাণ্ডা হ’বলৈ দিয়ক। তাত ১ চামুচ মৌ মিহলাই ঠাণ্ডা হ’লে খাব পাৰিব। এই ব্ৰেকফাষ্টটো ছুপাৰ স্বাস্থ্যকৰ আৰু পুষ্টিকৰ উপাদানৰে ভৰপূৰ।
এইখিনি খালে শৰীৰত শক্তি পোৱা যাব। হজম শক্তি ভাল হ’ব আৰু পেটটো বহু সময়লৈ ভৰি থাকিব। ইচ্ছা কৰিলে ইয়াত বিভিন্ন ড্ৰাই ফ্ৰুটচ দিব পাৰে।
(এই লেখাত পৰামৰ্শ দিয়া টিপছবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে। কোনো ব্যৱস্থা লোৱাৰ আগতে বা খাদ্যৰ কোনো পৰিৱৰ্তন কৰাৰ আগতে বা যিকোনো ৰোগৰ সৈতে জড়িত কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক)