কম সময়ৰ ভিতৰতে মুক্তি পাব দেশ প্ৰেমেৰে ভৰা এখন নতুন ৱেব ছিৰিজ । ইতিমধ্যে শনিবাৰে এই ৱেব ছিৰিজখনৰ ট্ৰেইলাৰ মুকলি হৈছে । শনিবাৰে ষ্ট্ৰীমিং ছিৰিজ ‘ফ্ৰিডম এট মিডনাইট’ৰ ট্ৰেইলাৰ মুকলি হৈছে । ইয়াত ভাৰতৰ স্বাধীনতাৰ অন্তিম মুহূৰ্তত কি হৈছিল তাৰ আভাস পোৱা যাব ।
‘ফ্ৰীডম এট মিডনাইট’ৰ ট্ৰেইলাৰ তদানীন্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী ক্লেমেণ্ট এটলীৰ দ্বাৰা ভাৰতৰ স্বাধীনতা ঘোষণাৰ সৈতে আৰম্ভ হয় । ইয়াৰ পিছত, জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল আৰু পাকিস্তানৰ প্ৰাক্তন গভৰ্ণৰ জেনেৰেল মহম্মদ আলী জিন্নাৰ দৰে ব্যক্তি কেনেদৰে ভৱিষ্যত সম্পৰ্কে বিভ্ৰান্তিৰ মাজত আৱদ্ধ হৈ আছে তাক দেখুৱাবলৈ চেষ্টা কৰা হৈছে ।
‘ফ্ৰীডম এট মিডনাইট’ ট্ৰেইলাৰ-
ইয়াৰ পিছত, এই ট্ৰেইলাৰত দেখুওৱা হৈছে যে কেনেকৈ জিন্নাৰ তৰফৰ পৰা এখন পৃথক দেশ পাকিস্তান গঠনৰ দাবী উত্থাপিত হয় । আনফালে, ব্ৰিটিছ বিষয়াসকলে ভাৰতক মুক্ত কৰিবলৈ আৰু ভাৰত আৰু পাকিস্তানক বিভক্ত কৰাৰ বাবে এক ৰণনীতি প্ৰস্তুত কৰি আছে ।
কোন কি ভূমিকাত আছে-
ৱেব ছিৰিজোত সিদ্ধান্ত গুপ্তাই জৱাহৰলাল নেহৰুৰ চৰিত্ৰত, চিৰাগ ভোহৰাই মহাত্মা গান্ধীৰ চৰিত্ৰত, ৰাজেন্দ্ৰ চাওলাই চৰ্দাৰ বল্লভভাই পেটেলৰ চৰিত্ৰত, আৰিফ জাকাৰিয়াই মহম্মদ আলী জিন্নাৰ চৰিত্ৰত, ইৰা ডুবেই ফাতিমা জিন্নাৰ চৰিত্ৰত, মালিককা মেণ্ডোন্সাই সৰোজিনী নাইডুৰ চৰিত্ৰত, ৰাজেশ কুমাৰে লিয়াকত আলী খানৰ চৰিত্ৰত, কে চি শংকৰে ভিপি মেননৰ চৰিত্ৰত, লৰ্ড মাউণ্টবেটেনৰ চৰিত্ৰত লুক মেকগিবনী, লেডী এডৱিনাৰ চৰিত্ৰত কৰ্ডেলিয়া বুগেজা মাউণ্টবেটেন, আৰ্চিবাল্ড ৱেভেলৰ চৰিত্ৰত এলিষ্টাৰ ফিনলে, ক্লেমেণ্ট এটলিৰ চৰিত্ৰত এণ্ড্ৰু কালাম, চাইৰিল ৰেডক্লিফৰ চৰিত্ৰত ৰিচাৰ্ড টেভাৰছনে অভিনয় কৰিছে ।