নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ক্লীন ছুইপেৰে পৰাস্ত হোৱাৰ পিছত এতিয়া ভাৰতীয় দলটোৱে পৰৱৰ্তী অভিযানৰ বাবে সাজু হৈছে । সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে এতিয়া পৰৱৰ্তী অভিযানৰ বাবে দক্ষিণ আফ্ৰিকাত উপস্থিত হৈছে । ইয়াত দুয়োটা দলৰ মাজত ৪খনীয়া মেচৰ টি-২০ ছিৰিজ অনুষ্ঠিত হ’ব । ইয়াৰ প্ৰথমখন মেচ কাইলৈ (৮ নৱেম্বৰ) ডাৰবানত অনুষ্ঠিত হ’ব ।
ইয়াৰ পিছত দুয়োটা দল ১০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টি-২০ মেচৰ বাবে গকেবাৰহালৈ যাব । তাৰ পিছত বাকী দুখন মেচ চেঞ্চুৰিয়ন (১৩ নৱেম্বৰ) আৰু জোহান্সবাৰ্গ (১৫ নৱেম্বৰ)ত অনুষ্ঠিত হ’ব ।
উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিপাক্ষিক টি-২০ শৃংখলাত ভাৰতীয় দলৰ অভিলেখ আকৰ্ষণীয় ।
বিগত ৫ টা ছিৰিজত পৰাস্ত হোৱা নাই ভাৰতীয় দল-
বিগত ৫ টা ছিৰিজত পৰাস্ত হোৱা নাই ভাৰতীয় দল । এই সময়ছোৱাত ভাৰতে ২ টা ছিৰিজ জয় কৰিছে । আনহাতে ৩খন টি-২০ ছিৰিজ ড্ৰ’ত শেষ হৈছে । এতিয়ালৈকে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৯খন দ্বিপাক্ষিক টি-২০ শৃংখলা অনুষ্ঠিত হৈছে । এই সময়ছোৱাত ভাৰতে ৪টা আৰু আফ্ৰিকাই ২টা জয় লাভ কৰিছে । ৩ খন ছিৰিজ ড্ৰ হৈছে ।
ভাৰতীয় দলটোৱে শেষবাৰৰ বাবে ২০১৫ চনৰ অক্টোবৰ মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিপাক্ষিক টি-২০ শৃংখলাত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । তাৰ পিছৰ পৰা দলটোৱে পৰাস্ত হোৱা নাই । এতিয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব দশম দ্বিপাক্ষিক টি-২০ শৃংখলা ।
ভাৰত আৰু আফ্ৰিকাৰ মাজত টি ২০-
মুঠ টি-২০ মেচ: ২৭ খন
ভাৰতৰ জয়লাভ : ১৫
দক্ষিণ আফ্ৰিকা জয়ী : ১১
ড্ৰ : ১
দক্ষিণ আফ্ৰিকাত ভাৰতীয় দলৰ টি-২০ অভিলেখ-
মুঠ টি-২০ মেচ : ১৫ খন
জয়ী : ১০
পৰাজয় : ৪
ড্ৰ : ১
প্ৰশিক্ষক গম্ভীৰ অবিহনে খেলপথাৰত নামিব ভাৰতীয় দল-
ইফালে ৰোহিত শৰ্মাৰ অৱসৰৰ পিছত (টি-২০ ফৰ্মেটৰ পৰা) সূৰ্য্যক টি-২০ত ভাৰতীয় দলৰ স্থায়ী অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । আনহাতে, গৌতম গম্ভীৰৰ ঠাইত ভি ভি এছ লক্ষ্মণে এই টি-২০ ছিৰিজত প্ৰশিক্ষকৰ দায়িত্ব লোৱা দেখা যাব । ইয়াৰ কাৰণ হ’ল গম্ভীৰ নিউজীলেণ্ডৰ টেষ্ট শৃংখলাত ব্যস্ত আছিল । এতিয়া তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব লাগিব, য’ত ৫খন মেচৰ টেষ্ট ছিৰিজ অনুষ্ঠিত হ’ব ।