৪ নৱেম্বৰত হৰিদ্বাৰত গংগা উৎসৱ ২০২৪ৰ এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হ’ব । এই কাৰ্যসূচী ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযান (এন এম চি জি)ৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে । গংগা নদীক ‘ৰাষ্ট্ৰীয় নদী’ হিচাপে ঘোষণা কৰাৰ বৰ্ষপূৰ্তি উপলক্ষে ২০১৭ চনৰ পৰা প্ৰতি বছৰে গংগা উৎসৱৰ আয়োজন কৰা হয় । সমগ্ৰ দেশতে উদযাপন কৰা এই গংগা উৎসৱৰ অধীনত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব । স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন প্রতিযোগিতা আৰু বিভিন্ন সামাজিক খণ্ডত কাম কৰা লোকসকলৰ উপস্থাপনৰ দৰে ডাঙৰ ডাঙৰ অনুষ্ঠান অনুষ্ঠিত হ’ব ৷
গংগা উৎসৱৰ কাৰ্যসূচী কি ?
ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ উদ্যোগত অহা ৪ নৱেম্বৰত হৰিদ্বাৰৰ চণ্ডী ঘাটত গংগা উৎসৱ ২০২৪ৰ আয়োজন কৰা হৈছে । এন এম চি জিয়ে প্ৰতি বছৰে গংগা নদীক ‘ৰাষ্ট্ৰীয় নদী’ হিচাপে ঘোষণা কৰাৰ বৰ্ষপূৰ্তি উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰে । গংগা নদীৰ সংৰক্ষণৰ প্ৰসাৰ, ইয়াৰ সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্বক উজ্জ্বল কৰি তোলা আৰু স্বচ্ছতাৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা এই উৎসৱৰ মূল উদ্দেশ্য । এই অনুষ্ঠানৰ অষ্টম সংস্কৰণ আৰু প্ৰথমবাৰৰ বাবে নদীৰ পাৰত উদযাপন কৰা হ’ব । গংগা অৱবাহিকা ৰাজ্যৰ ১৩৯খন জিলাৰ জিলা গংগা সমিতিসমূহেও উদযাপন কৰিব এই অনুষ্ঠান । ইয়াৰ উপৰিও প্ৰতিখন ৰাজ্যতে এটা মূল অনুষ্ঠানৰ আয়োজন কৰা হ’ব ।
কিয় উদযাপন কৰা হৈছে গংগা উৎসৱ ?
বাদ্যযন্ত্ৰৰ সৈতে পবিত্ৰ গংগা নদীৰ পাৰত চৰম সৌন্দৰ্য্য আৰু চিত্ৰময় পৰিৱেশৰ মিশ্ৰণ এক অনন্য অভিজ্ঞতা যিটো শব্দৰে বৰ্ণনা কৰিব নোৱাৰি । এই মহোৎসৱত শাস্ত্ৰীয় সংগীতৰ ব্যক্তিসকলে সৃষ্টি কৰা সংগীত পৰিৱেশৰ আচৰিত অভিজ্ঞতাও অবিস্মৰণীয় ।
গংগা মহোৎসৱ হস্তশিল্পৰ সামগ্ৰীৰ বাবেও এক উত্তম স্থান য’ত বহুতো হস্তশিল্পৰ সামগ্ৰী দেখা যায় । ই এনে এখন ঠাই য’ত ক্ৰেতাই উৎপাদকৰ সৈতে প্ৰত্যক্ষ যোগাযোগ ৰাখে আৰু শিল্পীসকলৰ পৰা পোনপটীয়াকৈ হস্তশিল্প ক্ৰয় কৰিব পাৰে ।
গংগা মহোৎসৱৰ সামৰণি দিনটোত দেৱ দীপাৱলীৰ দৰে উজ্জ্বল উৎসৱ উদযাপন কৰা হয় যিটো এই মহোৎসৱৰ মূল আকৰ্ষণ । এই উৎসৱৰ সময়ত গংগা নদীৰ পবিত্ৰ জলত ভক্তসকলে লাখ লাখ দীপ বিসৰ্জন দিয়ে, যিটো এক অবিস্মৰণীয় দৃশ্য । লগতে এই উৎসৱৰ সময়ত ধূপৰ সুগন্ধি সমগ্ৰ পৰিৱেশত বিয়পি পৰে আৰু মন্ত্ৰৰ মন্ত্ৰমুগ্ধ শব্দ প্ৰতিধ্বনিত হয় যাৰ বাবে এনে লাগে যেন আপুনি নিজেই এই ঐশ্বৰিক উৎসৱৰ সাক্ষী হ’বলৈ স্বৰ্গলৈ আহিছে ।