BSNLৰ গ্ৰাহক সকলৰ বাবে আহিছে এক ধামাকা অফাৰ । এতিয়াৰে পৰা আহি গ’ল D2D Technology। এই টেকন’লজিৰ জৰিয়তে এতিয়াৰে পৰা বিএছএনএলৰ গ্ৰাহক সলকে চিম কাৰ্ড নোহোৱাকৈয়ে কৰিব পাৰিব ফোন । ইতিমধ্যে ডাইৰেক্ট-টু-ডিভাইচ (DTD) প্ৰযুক্তিৰ পৰীক্ষণ সম্পূৰ্ণ হৈছে। এই নতুন ডিভাইচৰ বাবে লাভন্বিত হ’ব মোবাইল আৰু স্মাৰ্ট ডিভাইচ ব্যৱহাৰকাৰীসকল। বিএছএনএল-এ বিশ্বব্যাপী উপগ্ৰহ যোগাযোগ প্ৰতিষ্ঠান ৰ সহযোগত আনিছে এই Technology। ভায়াছেটৰ মতে, ডাইৰেক্ট-টু-ডিভাইচ সংযোগ হৈছে এক বৈপ্লৱিক প্ৰযুক্তি। যি মোবাইল ফোন, স্মাৰ্টৱাচ আৰু গাড়ীকো উপগ্ৰহ নেটৱৰ্কৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব। ইয়াৰ বাবে প্ৰয়োজন নহ’ব ম’বাইল টাৱাৰৰ। ডাইৰেক্ট-টু-ডিভাইচ সেৱা উপগ্ৰহ যোগাযোগৰ ওপৰত আধাৰিত,যি ডিভাইচবোৰক মোবাইল টাৱাৰ বা তাঁৰযুক্ত সংযোগ অবিহনে পোনপটীয়াকৈ সংযোগ কৰিব। এই ডাইৰেক্ট-টু-ডিভাইচৰ বাবে Airtel,Vi প্ৰত্যাহ্বানৰ সন্মুখিন হোৱাৰ সম্ভাৱনা আছে।