ডিজিটেল ডেস্ক : হাস্পতালৰ চেম্বাৰৰ ভিতৰতে চিকিৎসকক গুলীয়াই হত্যা । বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত জাভেদ আখটাৰ নামৰ চিকিৎসকগৰাকীক কৰ্মৰত অৱস্থাতে গুলীয়াই হত্যা কৰে ১৬ বছৰীয়া দুই কিশোৰে । দক্ষিণ-পূব দিল্লীৰ কালিন্দী কুঞ্জ অঞ্চলত অৱস্থিত এখন নাৰ্চিং হোমত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । আৰক্ষীয়ে সন্দেহযুক্ত হত্যাকাৰী যি, কিশোৰ হব পাৰে বুলি উল্লেখ কৰিছে । আঘাতৰ চিকিৎসাৰ বাবে হত্যাকাৰীয়ে নাৰ্চিং হোমখনত প্ৰৱেশ কৰিছিল আৰু নিশা প্ৰায় ১.৪৫ বজাত চিকিৎসক জাভেদ আখটাৰক গুলীয়াই হত্যা কৰিছিল ।
আৰক্ষীৰ অনুসন্ধানত প্ৰায় ১৬ বছৰ বয়সৰ দুজন কিশোৰ এই ঘটনাত সম্ভাৱ্য জড়িত থকাৰ কথা প্ৰকাশ পাইছে । চিকিৎসালয়ৰ কৰ্মচাৰীয়ে জনোৱা মতে হত্যাকাৰীয়ে আঘাতৰ ড্ৰেছিঙৰ বাবে নিশা প্ৰায় ১ বজাত সৰু, তিনিখন বিচনাযুক্ত নিমা নাৰ্চিং হোমলৈ গৈছিল । জানিব পৰা মতে হত্যাকাৰী এজন কিশোৰৰ ভৰিৰ আঙুলিত বেণ্ডেজ আছিল আৰু তেওঁ আগদিনাও চিকিৎসালয়খনলৈ গৈছিল ।
ড্ৰেছিং কৰাৰ পিছত, দুয়োজন কিশোৰ আখটাৰৰ কেবিনত প্ৰৱেশ কৰে । ইয়াৰ কিছু সময়ৰ পিছতে নিশা কৰ্তব্যৰত অৱস্থাত থকা নাৰ্চিং হোমখনৰ কৰ্মচাৰী গজলা পাৰবীন আৰু মহম্মদ কামিলে এটা গুলীৰ শব্দ শুনে । দুয়োজনে চিকিৎসকজনৰ চেম্বাৰলৈ দৌৰি যায় আৰু আখটাৰক তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা দেখা পায় ।
প্ৰাৰম্ভিক তদন্তত পূৰ্ব পৰিকল্পনা অনুসৰি চিকিৎসকজনক হত্যা কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । জানিব পৰা মতে প্ৰেছক্ৰিপশ্যন বিছাৰি দুই অভিযুক্ত হত্যাকাৰীয়ে চিকিৎসকজনৰ চেম্বাৰত প্ৰৱেশ কৰিছিল । ইতিমধ্যে চিকিৎসালয়ৰ ভিতৰত থকা চি চি টিভি ফুটেজ চাই দুই হত্যাকাৰীক চিনাক্ত কৰাৰ
প্ৰচেষ্টা অব্যাহত আছে ।