ডিজিটেল ডেস্ক : ঐতিহ্যমণ্ডিত গাঁও কিছামাত এতিয়া সীমাহীন ব্যস্ততা । প্ৰখ্যাত এই গাঁওখনলৈ লক্ষাধিক পৰ্যটক তথা অতিথিক আদৰিবলৈ প্ৰস্তুতি চলাইছে নাগালেণ্ড চৰকাৰৰ পৰ্যটন বিভাগৰ লগতে স্থানীয় লোকে ।
কিয়নো চলিত বৰ্যৰ ১ৰ পৰা ১০ ডিচেম্বৰলৈ গাঁওখনত পূৰ্বৰ দৰেই অনুষ্ঠিত হব বিখ্যাত হৰ্ণবিল উৎসৱ ।
উল্লেখ্য যে, প্ৰত্যেক বছৰে কহিমাস্থিত ঐতিহ্যমণ্ডিত এই গাঁওখনত ১ৰ পৰা ১০ ডিচেম্বৰলৈ উলহ-মালহেৰে অনুষ্ঠিত হৈ আহিছে হৰ্ণবিল উৎসৱ । কিন্তু এইবাৰ কিছু ব্যতিক্ৰম । কাৰণ এইবাৰ হৰ্ণবিল মহোৎসৱে ভৰি থব ৰূপালী জয়ন্তী বৰ্যত । সেয়েহে কিছামাৰ হেৰিটেজ ভিলেজত ২৫ বছৰত ভৰি থোৱা এই বৈচিত্ৰ্যময়
উৎসৱ উদযাপনৰ বাবে নাগালেণ্ডৰ পৰ্যটন বিভাগে আৰম্ভ কৰিছে প্ৰস্তুতি ।
নাগালেণ্ডৰ পৰ্যটন বিভাগৰ আয়ুক্ত আৰু সচিব ড০ জি হুকুগা চেমাই কয় যে, এইবছৰ বিশাল আয়োজনেৰে অনুষ্ঠিত হ’ব এই উৎসৱ । উৎসৱৰ প্ৰস্তুতিৰ বাবে, বুধবাৰে বিভাগটোৰ সঞ্চালকালয় কাৰ্যালয়ত জনজাতীয় হোহো
আৰু সংগঠনসমূহৰ সৈতে প্ৰথমখন সমন্বয় বৈঠক অনুষ্ঠিত হয়, য’ত জনজাতীয় হোহোৰ দুজন প্ৰতিনিধি উপস্থিত আছিল।
চহকী কৃষ্টি-সংস্কৃতিৰে ভৰপূৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন অন্যতম ৰাজ্য হৈছে নাগালেণ্ড । বিভিন্ন প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ,পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা ৰাজ্যখন নগা জনজাতিৰ বসতিপ্ৰধান । অধিকাংশই কৃষিক জীৱিকা হিচাবে লোৱা ৰাজ্যখনত সময়ে সময়ে অনুষ্ঠিত হয় বিভিন্ন উৎসৱ । যি প্ৰতিফলিত কৰে ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য আৰু বিচিত্ৰতা । ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰতিফলিত হয় হৰ্ণবিল উৎসৱত । নাগালেণ্ডৰ সাংস্কৃতিক ঐতিহ্য প্ৰচাৰৰ বাবে ২০০০ চনৰ ডিচেম্বৰৰ পৰা ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰি আহিছে এই উৎসৱ । নাগালেণ্ডৰ কহিমাস্থিত ঐতিহ্যমণ্ডিত কিছামা গাঁৱত অনুষ্ঠিত হয় এই হৰ্ণবিল উৎসৱ ।
ভাৰতীয় ধনেশ পক্ষী অৰ্থাৎ ইণ্ডিয়ান হৰ্ণবিলৰ নামেৰে নামাকৰণ কৰা হৈছে এই উৎসৱৰ । কাৰণ নগা জনগোষ্ঠীসমূহৰ সংস্কৃতিত ধনেশ পক্ষীৰ স্থান অতি গুৰুত্বপূৰ্ণ । নাগালেণ্ডৰ পৰ্যটন বিভাগে প্ৰতিবছৰে ১ৰ পৰা ১০ ডিচেম্বৰলৈ কহিমাত অনুষ্ঠিত কৰে এই উৎসৱ । হেৰিটেজ গাঁও কিছামাত অনুষ্ঠিত হোৱা এই উৎসৱত সকলো নগা জনজাতিয়েই অংশগ্ৰহণ কৰে ।
এই উৎসৱত নগাসকলৰ খাদ্যৰ পৰা আৰম্ভ কৰি থলুৱা নৃত্য-গীত, সাজ-পোছাকৰ বিষয়ে পৰ্যটক তথা অতিথিসকলে ওচৰৰ পৰা জনাৰ সুযোগ লাভ কৰে । লগতে এই উৎসৱে নাগালেণ্ডৰ পৰ্যটনৰ বিকাশতো এক গুৰুত্বপূৰ্ণ অৱদান যোগাই আহিছে ।