ডিজিটেল ডেস্ক : মন্দিৰলৈ চিঠি লিখি চোৰে ঘূৰাই দিলে চুৰি কৰা ৰাধা-কৃষ্ণৰ মূৰ্তি । মন্দিৰৰ পৰা অষ্ট ধাতুৰ মূৰ্তিকেইটা চুৰি কৰাৰ পিছতে পুত্ৰ অসুস্থ হৈ পৰাত চোৰে গ্ৰহণ কৰিলে এই সিদ্ধান্ত ।
ক্ষমা বিচাৰি চোৰে পত্ৰত বৰ্ণনা কৰিছে যে কেনেকৈ তেওঁৰ পুত্ৰ আৰু পত্নী মূৰ্তি চুৰি কৰাৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল । লগতে চোৰে পত্ৰত চুৰি কাৰ্য সংঘটিত কৰাৰ পিছত তেওঁ দুঃস্বপ্নতো আক্ৰান্ত হৈছিল বুলি উল্লেখ কৰিছে । পত্ৰযোগে তেওঁ মন্দিৰৰ দেৱতা আৰু পুৰোহিতৰ ওচৰত চুৰি কাৰ্যৰ বাবে ক্ষমা বিছাৰে ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে স্থানীয় কিছু বাসিন্দাই মঙলবাৰে সন্ধিয়া মন্দিৰৰ ওচৰত এটা বস্তা এৰি যোৱা এজন সন্দেহজনক লোকক প্ৰত্যক্ষ কৰিছিল । বস্তাটো খোলাৰ পিছত তেওঁলোকে ৰাধা-কৃষ্ণৰ মূৰ্তি আৰু এখন চিঠি পাইছিল য’ত চোৰে তেওঁ কিয় অষ্ট ধাতুৰ মূৰ্তিকেইটা ঘূৰাই দিছে সেই কথা উল্লেখ কৰিছে ।
মূৰ্তিকেইটা ২৩ ছেপ্টেম্বৰত চুৰি হৈছিল । হিন্দীত লিখা পত্ৰখনত চোৰে এইদৰে লিখিছে : “মই পাপ কৰিছিলোঁ আৰু অজ্ঞতাৰ বাবে ভগৱান কৃষ্ণ আৰু ৰাধাৰ মূৰ্তি চুৰি কৰিছিলো। মই চুৰি কৰাৰ পিছৰে পৰা দুঃস্বপ্নত ভুগি আছোঁ আৰু শান্তিৰে শুব, খাব বা জীয়াই থাকিব পৰা নাই। তদুপৰি, মোৰ পুত্ৰ আৰু পত্নী গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে যিহেতু মই চুৰি কৰিছিলোঁ । কিছু টকাৰ বাবে মই চুৰি কৰিছিলো । মই মূৰ্তি বিক্ৰী কৰাৰ উদ্দেশ্যৰে কিছু ভভা-ছিঙাও কৰিছিলো । মই দুঃস্বপ্নবোৰত অতিষ্ঠ হৈ পৰিছো আৰু আপোনাৰ মূল্যৱান সামগ্ৰী ঘূৰাই দিছোঁ।”
ইতিমধ্যে মন্দিৰৰ পুৰোহিতে চুৰি হোৱা মূৰ্তিকেইটা চিনাক্ত কৰিছে আৰু মূৰ্তিকেইটাৰ জলঅভিষেকৰ পিছত পূজা কৰে ।
প্ৰয়াগৰাজৰ বিখ্যাত গৌ ঘাট আশ্ৰমৰ ওচৰৰ এটা মন্দিৰত সংঘটিত হৈছে এই ঘটনা ।