ডিজিটেল ডেস্ক : বৃহস্পতিবাৰ, ৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছে আই চি চি মহিলা টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ । ৰাজনৈতিক পৰিস্থিতিৰ বাবে বাংলাদেশৰ পৰা ইউ এ ই-লৈ স্থানান্তৰিত হোৱাৰ পিছত, প্ৰতিযোগিতাখনৰ প্ৰথম দুখন মেচ বৃহস্পতিবাৰে ডুবাই আৰু শ্বাৰজাহত অনুষ্ঠিত হৈছে ।
ভাৰতীয় দলেও ৪ অক্টোবৰত নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰতিযোগিতখনত নিজৰ অভিযান আৰম্ভ কৰিব ।
প্ৰতিযোগিতাখনৰ বিষয়ে আপুনি জানিব লগা ১০ টা কথা :
১/ ২০২৪ সংস্কৰণৰ বাবে সম্প্ৰসাৰিত হোৱা পুৰুষৰ প্ৰতিযোগিতাৰ বিপৰীতে, মহিলা প্ৰতিযোগিতাখন এতিয়াও ১০ টা দলত সীমাবদ্ধ হৈ আছে । গ্ৰুপ এ-ত অষ্ট্ৰেলিয়া, ভাৰত, নিউজীলেণ্ড, পাকিস্তান, শ্ৰীলংকা আছে
গ্ৰুপ বি-ত বাংলাদেশ, ইংলেণ্ড, স্কটলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ অন্তৰ্ভুক্ত আছে
২/ ভাৰতক অষ্ট্ৰেলিয়া, শ্ৰীলংকা, নিউজীলেণ্ড আৰু পাকিস্তানৰ সৈতে কঠিন স্থানত ৰখা হৈছে । ভাৰতে শুকুৰবাৰে (৪ অক্টোবৰ) নিউজীলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব । ইয়াৰ পিছত দেওবাৰে (৬ অক্টোবৰ) পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৱ দলটো ।
৩/ প্ৰতিটো গ্ৰুপৰ পৰা কেৱল দুটা দল ছেমি ফাইনেললৈ যাব । অষ্ট্ৰেলিয়া এই গ্ৰুপৰ পৰা যাবলগা দুটা দলৰ ভিতৰত এটা হোৱাটো প্ৰায় নিশ্চিত । গতিকে ভাৰতে আৰম্ভণিৰ পৰাই কোনো ভুল কৰাৰ পৰা আঁতৰত থাকিব লাগিব ।
৪/ এয়া প্ৰতিযোগিতাখনৰ নৱম সংস্কৰণ আৰু অষ্ট্ৰেলিয়াই বিগত তিনিবাৰকে ধৰি ছবাৰকৈ এই ট্ৰফী লাভ কৰিছে । ২০০৯ চনত ইংলেণ্ডে উদ্বোধনী সংস্কৰণত জয়লাভ কৰিছিল আৰু এয়াই হৈছে অষ্ট্ৰেলিয়াই ফাইনেলত প্ৰৱেশ নকৰা একমাত্ৰ সংস্কৰণ ।২০১৬ চনত ৱেষ্ট ইণ্ডিজে ইডেন গাৰ্ডেনত এই খিতাপ দখল কৰিছিল।
৫/ এইটোৱেই হব আই চি চিৰ প্ৰথমটো অনুষ্ঠান যত মহিলা ক্ৰিকেটাৰসকলে পুৰুষ সমানেই পুৰস্কাৰৰ ধন লাভ কৰিব । প্ৰতিযোগিতাখনৰ বিজয়ীসকলে ২.৩৪ মিলিয়ন মাৰ্কিন ডলাৰ লাভ কৰিব, যি ২০২৩ চনত অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি লাভ কৰা ১ মিলিয়ন আমেৰিকান ডলাৰৰ
তুলনাত অধিক । পূৰ্বৰ সংখ্যা এইবাৰ ৰানাৰ্ছ-আপে লাভ কৰিব । ৰানাৰ্ছ আপ দলে ১.১৭ নিযুত আমেৰিকান ডলাৰ লাভ কৰিব । এই সিদ্ধান্ত ২০২৩ চনৰ জুলাইত লোৱা হৈছিল আছিল আৰু চলিত সংস্কৰণৰ পৰা কাৰ্যকৰী হব ।
৬/ প্ৰতিযোগিতাখনৰ ১০ গৰাকী আম্পায়াৰ আৰু তিনিগৰাকী মেচ ৰেফাৰীৰ আটাইকেইগৰাকীয়েই মহিলা । ভাৰতক প্ৰতিনিধিত্ব কৰিছে জি এছ লক্ষ্মী (২০২৩ চনৰ ফাইনেলখ তদাৰক কৰা মেচ ৰেফাৰী) আৰু আম্পায়াৰ বৃন্দা ৰাথীয়ে। ডিচিচন ৰিভিউ চিষ্টেম (DRS)প্ৰতিযোগিতাখনৰ ২৮ খন মেচতে উপলব্ধ হ’ব, য’ত হক-আই স্মাৰ্ট ৰিপ্লে প্ৰণালী (Hawk-eye Smart Replay system)থাকিব ।
৭/ কমেণ্টৰী পেনেলত ভাৰতৰ কণ্ঠস্বৰ হব মিতালী ৰাজ, অঞ্জুম চোপ্ৰা আৰু ডব্লিউ ভি ৰমন । ইফালে বিশ্বকাপ বিজয়ী মেল জনছ, লিজা ষ্টেলেকাৰ, ষ্টেচি এন কিং, লিডিয়া গ্ৰীণৱে আৰু কাৰ্লোছ ব্ৰাথৱেইটৰ সৈতে যোগ দিব কেটে মাৰ্টিন আৰু পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ছানা মীৰে ।
আন আন চিনাকি কণ্ঠস্বৰ হব নাটালি জাৰ্মানোছ, ইয়ান বিচপ, কাছ নাইডু, নাছেৰ হুছেইন, এলিছন মিচেল আৰু ম্পুমেলেলো এমবাংগা।
৮/ মেচসমূহ ভাৰতৰ ষ্টাৰ স্পৰ্টছ নেটৱৰ্কত সম্প্ৰচাৰিত হব লগতে ডিজনী+হটষ্টাৰ হব অনলাইন ষ্ট্ৰীমিং প্লেটফৰ্ম । দিনৰ মেচসমূহ ভাৰতীয় সময় অনুসৰি বিয়লি ৩.৩০ বজাৰ পৰা আৰু বিয়লিৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হব
৯/ বাংলাদেশৰ পৰা স্থানান্তৰিত হোৱা এই প্ৰতিযোগিতাখন ইউ এ ইৰ দুটা স্থানত অনুষ্ঠিত হৈছে । ৩ অক্টোবৰত শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হয় এই প্ৰতিযোগিতা । ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম আনটো স্থান যত ২০ অক্টোবৰত ফাইনেল মেচো অনুষ্ঠিত হব ।
১০/ ভাৰতে কোনো ডাঙৰ আশ্চৰ্য অবিহনে এটা দল বাছনি কৰিছে আৰু ২০২০ তকৈ ভাল প্ৰদৰ্শন আশা কৰিছে, যত ভাৰতে প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত ফাইনেলত উপনীত হৈছিল ।
ভাৰতে দুয়োখন ৱাৰ্মআপ মেচত (ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকা) বিজয়ৰ সৈতে বিশ্বকাপৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল ।