দ্বিতীয়বাৰলৈ ডাউন হ’ল X
দ্বিতীয়বাৰলৈ ছ’চিয়েল মিডিয়া চাইট X ডাউন হোৱাত বিশ্বজুৰি এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ডাউনডিটেক্টৰৰ মতে, X ডাউন হোৱা বুলি বহু ব্যৱহাৰকাৰীয়ে অভিযোগ কৰিছে।
Downdetector য়ে জনোৱা মতে, সন্ধিয়া প্ৰায় ৪:১৯ বজাৰ ওচৰে পাজৰে ৩৪,০০০ তকৈ অধিক ব্যৱহাৰকাৰীৰ বাবে X এপটো বন্ধ হৈ আছে।ই বিয়লি ৪.৪২ বজাৰ ভিতৰত ১৫০০ লৈ হ্ৰাস পায়।
ইয়াত ৬১ শতাংশ এক্স এপ ব্যৱহাৰকাৰীয়ে সমস্যাৰ কথা জনাইছে, আনহাতে ৩৮ শতাংশ ব্যৱহাৰকাৰীয়ে অনলাইন মাধ্যমত সমস্যাৰ সন্মুখীন হয় আৰু ৰিপৰ্ট কৰিছে।
কিয় হৈছে সমস্যাৰ সন্মুখিন
ট্ৰেকিং চাইট ডাউনডিটেক্টৰে প্ৰকাশ কৰা অনুসৰি এই কাৰিকৰী ত্ৰুটিৰ বাবে দুহেজাৰতকৈ অধিক ব্যৱহাৰকাৰীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল।
২৪ ঘণ্টাৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে এক্সৰ ৱেবছাইট ডাউন হৈছে।ইয়াৰ পূৰ্বে শুকুৰবাৰেও এক্স ৱেবছাইটটো বন্ধ হৈছিল।এই সময়ছোৱাত ব্যৱহাৰকাৰীসকলৰ পৰ্দাত এৰৰ ৫০৩ ৰ বাৰ্তা দেখিবলৈ পাই।
এই সমস্যা সেই সময়ত দেখা গৈছিল, যেতিয়া এক্স-ব্ৰেণ্ডৰ মালিক ইলন মাস্কে হোৱাইট হাউছৰ চৰকাৰী দক্ষতা বিভাগৰ পদৰ পৰা পদত্যাগ কৰিবলৈ ওলাইছিল।
X এ প্ৰকাশ কৰা নাই কোনো বিবৃতি
ডেস্কটপ আৰু মোবাইলত লগ ইন কৰাৰ সমস্যাৰ বাবে কিছু সময়ৰ পিছত এক্স সেৱা পুনৰুদ্ধাৰ কৰা হ’ল।এতিয়া এক্স প্লেটফৰ্মে স্বাভাৱিকভাৱে কাম কৰি আছে।
আশ্চৰ্যজনক কথাটো হ’ল যে সেৱাসমূহ পুনৰ আৰম্ভ কৰা হৈছে যদিও এতিয়ালৈকে কোম্পানীটোৱে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
শেহতীয়াকৈ এক্সে জনাইছিল যে ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৮ হাজাৰতকৈ অধিক এক্স একাউণ্ট ব্লক কৰিব।
লগতে পঢ়ক: হাৰ্ডিক পাণ্ডিয়া আৰু শুভমান গীলৰ মাজত হৈছে নেকি সংঘাত ? টছৰ সময়ত নিমিলালে হাত