আই পি এল ২০২৫ৰ মেগা নিলামৰ দ্বিতীয় দিনা ১৩ বছৰীয়া এগৰাকী বেটছমেনে ইতিহাসৰ সৃষ্টি কৰে । আই পি এলৰ নিলামত বিক্ৰী হোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হোৱা বিহাৰৰ এই বেটছমেনগৰাকী হৈছে বৈভৱ সূৰ্যবংশী । এই খেলুৱৈগৰাকীক কিনিবলৈ ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত যুদ্ধ হৈছিল । অৱশেষত সূৰ্যবংশীক ১.১০ কোটি টকাৰ বিডেৰে ৰাজস্থান ৰয়েলছে ক্ৰয় কৰে ।
দিল্লী আৰু ৰাজস্থানৰ মাজত নিবিদা যুদ্ধ-
বৈভৱৰ বয়স ১৩ বছৰ । ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলত খেলিছে তেওঁ । নিলামত বিক্ৰী হোৱাৰ পূৰ্বেও বৈভৱে ইতিহাসৰ সৃষ্টি কৰিছিল যেতিয়া তেওঁ আই পি এলৰ নিলামত অংশগ্ৰহণ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছিল । ৩০ লাখ টকাৰ ভিত্তি মূল্যৰে নিলামত প্ৰৱেশ কৰা এই যুৱ তাৰকাগৰাকীৰ বাবে দিল্লী কেপিটেলছে প্ৰথম দৰদাম কৰিছিল । দিল্লী কেপিটেলছে তেওঁৰ বাবে ১ কোটি টকা পৰ্যন্ত দৰদাম কৰিছিল যদিও শেষত ৰাজস্থানে জয়লাভ কৰিছিল । ভাৰতীয় প্ৰাক্তন প্ৰশিক্ষক তথা মহান ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ পৰা এতিয়া ক্ৰিকেট শিকাৰ সুযোগ পাব বৈভৱে ।
কোন হয় বৈভৱ সূৰ্য্যবংশী ?
সমস্তীপুৰৰ বাসিন্দা সূৰ্যবংশীয়ে ইতিমধ্যে খেলপথাৰত নিজৰ অসাধাৰণ কৃতিত্বৰে ইতিহাস ৰচনা কৰিছে । ২০২৩-২৪ বৰ্ষৰ ৰঞ্জী ট্ৰফী ছিজনত মাত্ৰ ১২ বছৰ আৰু ২৮৪ দিন বয়সতে মুম্বাইৰ বিৰুদ্ধে অভিষেক ঘটায় আৰু টুৰ্ণামেণ্টৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয় তেওঁ । এই কৃতিত্বৰে তেওঁ শচীন তেণ্ডুলকাৰ-যুৱৰাজ সিঙৰ দৰে মহান ক্ৰিকেট খেলুৱৈৰ অভিলেখ ভংগ কৰে । ১৫ বছৰ ৫৭ দিন বয়সত যুৱৰাজে অভিষেক ঘটাইছিল । আনকি মহান শচীন তেণ্ডুলকাৰেও ১৫ বছৰ ২৩০ দিন বয়সত আত্মপ্ৰকাশ কৰিছিল ।
শেহতীয়াকৈ শতক অৰ্জন কৰিছে-
শেহতীয়াকৈ চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত যুৱ টেষ্ট শৃংখলাৰ সময়ত সূৰ্যবংশীয়ে উজ্জ্বল বেটিং কৰি মাত্ৰ ৬২টা বলত ১০৪ ৰান সংগ্ৰহ কৰিছিল । ১৩ বছৰ ১৮৮ দিন বয়সত তেওঁ প্ৰতিযোগীতামূলক ক্ৰিকেটৰ ১৭০ বছৰীয়া ইতিহাসৰ আটাইতকৈ কম বয়সীয়া শতক অৰ্জন কৰোতা হিচাপে পৰিগণিত হয় । কেৱল এয়াই নহয়, যুৱ পৰ্যায়তো তেওঁ এজন ভাৰতীয়ৰ দ্বাৰা দ্ৰুততম শতকৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় । ৫৮ বলত তেওঁৰ বিস্ফোৰক শতক এই পৰ্যায়ৰ দ্বিতীয় দ্ৰুততম শতক । ইংলেণ্ডৰ ম’ইন আলীয়ে ৫৬টা বলত এই কৃতিত্ব অৰ্জন কৰিছিল ।
চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁ ১২ বছৰ ২৮৪ দিন বয়সত ২০২৩-২৪ বৰ্ষৰ ৰঞ্জী ট্ৰফীত মুম্বাইৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ অভিলেখ সৃষ্টি কৰা চতুৰ্থজন কনিষ্ঠ ভাৰতীয় হিচাপে পৰিগণিত হয় । ২০২৩ চনৰ কোচবিহাৰ ট্ৰফীৰ ছিজনত বিহাৰৰ হৈ খেলিছিল সূৰ্যবংশীয়ে আৰু ঝাৰখণ্ডৰ বিৰুদ্ধে এখন খেলত ২২টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ১২৮টা বলত ১৫১ ৰান সংগ্ৰহ কৰিছিল । একেখন খেলৰ দ্বিতীয় ইনিংছত তেওঁ ৭৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ উপৰিও সূৰ্যবংশীয়ে ভাৰতৰ ১৯ বছৰ অনুৰ্ধ এ, ভাৰত ১৯ বছৰ অনুৰ্ধ বি, ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ আৰু বাংলাদেশৰ ১৯ বছৰ অনুৰ্ধৰ quadrangular শৃংখলাত খেলিছিল । এই প্ৰতিযোগিতাত তেওঁ ৫৩, ৭৪, ০, ৪১ আৰু ০ ৰান সংগ্ৰহ কৰিছিল ।