ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ছিজনৰ মেগা নিলাম আৰম্ভ হৈছে । এই নিলাম ২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হৈছে । শেহতীয়াকৈ আই পি এলৰ ১০টা ফ্ৰেঞ্চাইজিৰ আটাইকেইটাই তেওঁলোকৰ ৰিটেইনড খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছিল ।
উল্লেখ্য যে বহুটো খেলুৱৈক তেওঁলোকৰ দলে ধৰি ৰখা নাছিল । ৰিটেইনড খেলুৱৈৰ তালিকা প্ৰকাশৰ পিছতে দল সমূহে মুকলি কৰি দিয়া খেলুৱৈৰ তালিকাও প্ৰকাশ কৰিছিল । কিন্তু ডাঙৰ কথাটো হ’ল এই মুকলি কৰি দিয়া খেলুৱৈসকলৰ পুৰণি দলসমূহে ৰাইট টু মেচ (RTM) কাৰ্ড ব্যৱহাৰ কৰি তেওঁলোকক পুনৰ নিজৰ দলত অন্তৰ্ভুক্ত কৰিব পাৰে ।
এই আৰ টি এম নিয়মে এইবাৰ মেগা নিলামত উত্তেজনা বৃদ্ধি কৰিছে । ইয়াৰ বাবেই কেইবাজনো খেলুৱৈৰ ওপৰত বহু টকাৰ বৰষুণ হৈছে । কিন্তু ইয়াত অনুৰাগীৰ মনত এই প্ৰশ্নটো নিশ্চয় থাকিব যে এই আৰ টি এম নিয়মটো কি আৰু ই কেনেকৈ কাম কৰে ? এই নিয়মৰ বাবে খেলুৱৈৰ ওপৰত টকাৰ বৰষুণ কেনেকৈ হয় ?
এই ৰাইট টু মেচ নিয়ম কি ?
উল্লেখ্য যে এই আৰ টি এম নিয়মটো প্ৰথমবাৰৰ বাবে ২০১৭ চনত কাৰ্যকৰী কৰা হৈছিল । কিন্তু ২০২২ চনত অনুষ্ঠিত হোৱা মেগা নিলামৰ বাবে ইয়াক আঁতৰোৱা হৈছিল । ফ্ৰেঞ্চাইজি আৰু খেলুৱৈৰ মাজত হোৱা বহু সংঘাতৰ পৰিপ্ৰেক্ষিতত ইয়াক আকৌ এবাৰ কাৰ্যকৰী কৰা হৈছে । কিন্তু এইবাৰ এই নিয়মৰ সামান্য পৰিৱৰ্তন হৈছে ।
ৰাইট টু মেচ কাৰ্ড নিয়মটো ফ্ৰেঞ্চাইজিৰ বাবে এক প্ৰকাৰৰ বিকল্প, যাৰ ব্যৱহাৰ কৰি ই শেহতীয়াকৈ মুকলি কৰা খেলুৱৈজনক নিলামত নিজৰ দলত পুনৰ অন্তৰ্ভুক্ত কৰিব পাৰে । নিলামত সেই খেলুৱৈজনৰ ওপৰত আন এটা ফ্ৰেঞ্চাইজিয়ে অধিক বিড দিলেও পুৰণি ফ্ৰেঞ্চাইজিয়ে আৰ টি এম নিয়মৰ অধীনত সেই খেলুৱৈজনক পুনৰ ক্ৰয়ৰ সুযোগ পায় ।
আৰ টি এম নিয়মে কেনেকৈ কাম কৰে ?
যেতিয়া এজন খেলুৱৈৰ বাবে বিড বা নিবিদা দিয়া হয়, অন্তিম নিবিদা কৰা দলটো ক্ৰয় কৰাৰ স্থিতিত থাকে । তেতিয়া পুৰণি দলটোক সোধা হয় যে তেওঁলোকে আৰ টি এম নিয়ম ব্যৱহাৰ কৰিব বিচাৰে নে নাই । যদি বিচাৰে, তেন্তে অন্তিম বিড দিয়া্ দলটোৱে চূড়ান্ত নিবিদা কৰাৰ সুযোগ পাব । তাৰ পিছত, যদি পুৰণি দলটোৱে আৰ টি এম নিয়ম ব্যৱহাৰ কৰে, তেওঁলোকে বৰ্ধিত পৰিমাণ পৰিশোধ কৰিব লাগিব । অন্যথা, নিবিদা দিয়া দলে সেই খেলুৱৈজনক অধিগ্ৰহণ কৰিব ।
প্ৰতিটো দলৰ হাতত কিমান RTM কাৰ্ড আছে ?
উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শেহতীয়াকৈ ৰিটেনচন সন্দৰ্ভত নতুন নিয়ম জাৰি কৰিছে । এই নিয়ম অনুসৰি এটা ফ্ৰেঞ্চাইজিত সৰ্বাধিক ৬ জন খেলুৱৈকহে ধৰি ৰাখিব পাৰি । যদি কোনো দলে ৬ জনতকৈ কম খেলুৱৈ ধৰি ৰাখে, তেন্তে সেই ক্ষেত্ৰত ফ্ৰেঞ্চাইজিয়ে নিলামৰ সময়ত ৰাইট টু মেচ কাৰ্ড ব্যৱহাৰ কৰাৰ সুযোগ পাব ।
উদাহৰণ স্বৰূপে, যদি এটা দলে ৪ জন খেলুৱৈ ৰাখে, ইয়াত ২ টা আৰ টি এম কাৰ্ড বাকী থাকিব । যদিও এটা দলে যদি ২ জন খেলুৱৈ ৰাখে, ইয়াত ৪ টা আৰ টি এম কাৰ্ড থাকিব । যদি এটা দলে ৬ জন খেলুৱৈ ৰাখিছে, ইয়াত কোনো আৰ টি এম কাৰ্ড নাথাকিব ।